আকৌ হেপাহ ভৰায় জীৱন জীয়াম
তৃষ্ণাতুৰ লগন জীৱনভৰি পিম
বাৰে বাৰে প্ৰেমত পৰিম জীৱনৰ
অনন্ত সত্বাৰ অনুভৱত জাগতিক হ’ম
সদা-চলন্ত ঋতু হ’ম
বছৰে বছৰে কুঁহিপাত লৈ
অনন্ত কাললৈ ন-জীৱন ধৰিম
ধাৰণ কৰিম সেউজীয়া
বিলাই দিম জন্মস্বত্বৰ চৰ্তহীন স্বত্ব
আৰু ….. , আৰু অৱশেষহীন শেষত ক’ম
সেউজীয়াৰেইতো ভৰি থাকে এই ধৰা
যাৰ বাবেই মৃত্যু ঘটে একোটা ঋতু
যাৰ বাবে আয়োজন চলায় আকাশে
যাৰ বাবে ধুমুহাৰ সৃষ্টি কৰে বতাহে
সেই সেউজীয়া ……………………………
সেই সেউজীয়া …………………………….
No comments:
Post a Comment