কবিতা নহয়:----------
প্ৰতিটো হুমুনিয়াহেই মাথো আত্মাৰহে ক্ৰন্দন
তুমি কোৱাৰ দৰে নহয় সেয়া কোনো
অভিশাপৰ বৈ পৰা নিজৰা
বুকুখনতো নহয় কাহানিও মৰা নৈ
নহয় কাহানিও খৰাংৰ চিৰাল মৰা ফাট
সকলো সলনি হ’ব , সকলো সলনি হওঁক
সলনি নহয় মোৰ অনুভূতিৰ আগ্নেয়গিৰি
সলনি নহয় প্ৰাৰ্থনাৰ সুৰ…………...

No comments:
Post a Comment