Thursday, 5 January 2017

মোৰ চকুপানীৰ টোপালবোৰত এইখন কাৰ মুখ-Dhanbor Bhuyan





মোৰ চকুপানীৰ টোপালবোৰত
এইখন কাৰ মুখ।
(০.২)
তুমি নেমেলিবা কাজল সনা চকু,
মৰিব পখিলা, জ্বলিব মোৰ স্বপ্নৰ বুকু।
(০.৩)
মোৰ বুকুত এইডাল কিহৰ হুল,
সপোনৰ ভালপোৱাত
ৰাহু-কেতুৰ অযুত ভুল।
(০.৪)
তুমি ক'ত বজোৱা বাঁহী,
মোৰ কলিজা সূর্যাস্তৰ নিয়মীয়া প্রহৰী।
(০.৫)
তুমি ইমান চঞ্চল হৈছা
কাৰ ভালপোৱা চুমি,
মোৰ দেহত বাঢ়ি গৈছে
বসন্তৰ অবাধ মৰুভূমি।

No comments:

Post a Comment