ঈশ্বৰপুত্ৰ আৰু মই
--------------------------------
সূৰুযৰ বাট কাটি
যিটো পথেদি তেওঁ সোমাই আহিছিল মোৰ বুকুলৈ
ইমানদিনে সেই বাট অন্ধকাৰ অস্পষ্টতাত ডুব গৈ আছিল ।
গৰখীয়া বাঁহীৰ সুৰ এটিৰ দৰে ৰৈ ৰৈ বাজি উঠা
বিষাদ এমোকোৰাই তুমৰলি দিওঁতে
যিদিনা মই কক্ষচ্যুত হৈছিলো,
বৃত্তৰ পৰা বৃত্তৰ পৰিধি বগাই দীঘলীয়া হৈ উঠা
তেওঁৰ প্ৰাৰ্থনাৰ সুৰবোৰে
মোক জীৱন বিলাসী কৰি তুলিছিল----
মই যুঁজিছিলো নীতিৰ বিৰূদ্ধে।
তেওঁ দি যোৱা সুৰতে বন্দী হৈ সভ্যতাৰ ভগ্নস্তূপত থিয় দিওঁ
এক স্থিতপ্ৰজ্ঞৰ দৰে
প্ৰাপ্তিৰ আকাংক্ষাত উদ্বাউল হৈ উঠা
মইয়েই সেই চিৰ প্ৰবাহিনী নদী
আৰু তেওঁ মোৰ অন্তহীন প্ৰেমৰ পৰম আকাংক্ষিত ঈশ্বৰপুত্ৰ।
No comments:
Post a Comment