Thursday, 22 December 2016

প্ৰতিবিম্ব -Juli Saikia



।। প্ৰতিবিম্ব ।।
মোৰ পঁজাৰ উৰুখা চালেদি
সোমাই আহে ফাগুনৰ আবিৰ সনা
এচাটি মৃদু মিঠা চঞ্চল বতাহ !
পদুলিৰ মধুৰী জোপাৰ পৰা আহে
কিছুমান অনামী চৰাইৰ
কিচিৰ - মিচিৰ গান ।
মন-গহনৰ কোনোবা জীপাল ঠাইত
ৰৈ ৰৈ বাজিব খোজে
জনা -নজনা , চিনা -নিচিনা
অনুভূতিৰে উতলা
অবিৰাম সুৰ সমলয় ।
তেতিয়াই মন দাপোণত
প্ৰতিবিম্ব হয়
জ্বলি থকা এজুৰি চকু
গভীৰ নীলা সজল ।
____________________✍ জুলী শইকীয়া ।

No comments:

Post a Comment