।। বেদনাৰ অমানিশাত।।
*************************************
মোৰ হৃদয়ৰ
হাঁহিৰ প্ৰত্যাশা
আজি !
হেৰাই গ'ল ।
অপেক্ষাৰ প্ৰতিটো
উজাগৰী অমানিশাত.....
মোৰ জীৱন পথৰ সঙ্গী
নিয়ঁতীজনীও !
ক'ৰবাত হেৰাই গ'ল ।
হয়তো তাই !
নতুন প্ৰেমিকৰ
সন্ধান পাইছে ,
নতুবা তাইৰ
পুৰণি প্ৰেমিকৰ
মৃত্যু হৈছে ।
মোৰ চাৰিওফালে
বিৰাজমান নিস্তব্ধতাত !
বেদনাত যেতিয়া মই
উচুপিছিলো
আৰু হতাশাত ভাঙি
পৰিছিলো
তেতিয়া তাই !
মোৰ বাবে আছিল
প্ৰেৰণাৰ একমাত্ৰ উৎসস্থলী।
আজি মই অকলশৰীয়া !!
নাজানো মই !
এতিয়া কি কৰিম ?
আনন্দৰ উৎসৱ পাতিম
নে ক'লা কাপোৰ পৰিধান কৰিম ???
***************************** ✍ জুলী শইকীয়া ।
২৮/১২/২০১৬
******************
No comments:
Post a Comment