Thursday, 22 December 2016

মোৰ সপোনৰ গাওঁখন-Juli Saikia

।। মোৰ সপোনৰ গাওঁখন ।।
এই গাঁও মোৰ বুকুৰ আপোন
য'ত আহি মই জনম ললো ,
শৈশৱ - কৈশোৰ পাছলৈ ঠেলি
ন- জীৱনৰ পাতনি মেলো ।
লুইতৰ পাৰত সঁচা জীৱনৰ
নৱ- যৌৱনৰ কবিতা লিখো ,
ঝাৰণি- ঝাৰণি বননিত বহি
প্ৰিয়ৰ ছবি হিয়াত আকোঁ ।
কোমল কঠিয়া কোমল বোকাৰ
গোন্ধে আহি মোক আমনি কৰে ,
ৰ'দ মিহলোৱা মিঠা বতাহত
ৰিহাৰ আঁচল ৰঙত উৰে ।
নতুন জীৱনৰ বাসনা বান্ধি
পথাৰত নামে কৃষক দল ,
ভঁৰাল - ভঁৰাল সোণালী সপোনে
বুকুত বান্ধে সাহস বল ।
হাতত এচাৰি কান্ধত নাঙল
কৰ্মঠ ডেকা পুৱাতে যায় ,
প্ৰেমেৰে সিক্ত চকুৰে তাৰ
মানসী প্ৰিয়াক বিচাৰি চায় ।
পথাৰৰ আলিৰ কোমল বোকাত
থৰক-বৰক প্ৰিয়াৰ খোজ ,
বুকুত তাইৰ আদিম আশা
চকুত তাইৰ গভীৰ মোহ ।
সৃষ্টিকাৰিণী নাৰীৰ আশাই
শস্য পথাৰ সেউজ কৰে ,
পৱালি আঙুলিৰ উমাল পৰশে
লেহুকা কঠিয়া সঁজাল ধৰে ।
বহু বৰণীয়া ছবিৰে ভৰা
এইখনি মোৰ চেনেহী গাওঁ ,
দূৰতে থাকক আকাশী সৰগ
মৰমী মৰত যদিহে গাওঁ ।
_____________________✍ জুলী শইকীয়া ।
২১/১২/২০১৬

No comments:

Post a Comment