।। অপেক্ষা ।।
তাইৰ আশা......
এবুকু আন্ধাৰৰ মাজত
ক্ষুদ্ৰ এটি জোনাকী পৰুৱা ।
অন্ধকাৰেই চিৰলগৰী,
অশ্ৰুৱেই তাইৰ জীৱন...
কেতিয়াবা এমোকোৰা হাঁহি,
সিও বিষাদৰ ।
প্ৰাণচঞ্চল মনটো কেতিয়াবা...
উটি যাব খোজে,
কিন্তু হঠাত কিবা ভাবি
আকৌ থমকি ৰৈ যায় ।
থমকি ৰৈ যোৱাই জানো তাইৰ লক্ষ্য ??
স্নিগ্ধ জোনটোৱে তাইলৈ চাই হাঁহে,
তাইক প্ৰতাৰণা কৰে ।
গভীৰ সাগৰৰ মাজত.....
তাই এখন টুলুঙা নাও !
সিও বঠাবিহীন ।
ৰঙা-নীলা স্মৃতিবোৰ
ক'লা হৈ পৰে ,
চকুৰ পানীবোৰ....
গোটমাৰি বৰফ হয় ,
কিবা এটা নোপোৱাৰ তাড়নাত...
তাই চট্ফটাই থাকে ,
একুৰা ৰঙা-জুইত পৰা
এটি চগাৰ দৰে ।
তন্দ্ৰামগ্ন যৌৱনটোক....
জোৰকৈ লৈ ফুৰিছে ,
জানিও নজনাৰ ভাও ধৰি ।
জীৱনৰ ৰংগমঞ্চত তাই
ভাও দি গৈছে.....
সুখৰ ভাও , হাঁহিৰ ভাও ।
ৰক্তাক্ত হৃদয়ৰ প্ৰতিটোপাল তেজ
নীলা হৈ পৰিছে ,
তাইৰ অন্তৰত....
গ্ৰহণ লাগিছে ।
মহাশূন্য়ৰ বুকুৰ .....
কোটি-কোটি তৰাৰ দৰেই
অপেক্ষাই তাইৰ সংগী !!
কাৰ কাৰণে এই অপেক্ষা !
যাৰ কোনো অৰ্থ নাই......
নিসংগতাই তাইক জোকাই আছে ,
তথাপিও তাই জীয়াই আছে ।।
কাৰ বাবে ?? কিহৰ বাবে ???
_____________________জুলী শইকীয়া ।
No comments:
Post a Comment