Monday, 21 November 2016

UNTITLED - Moukuhi Saiki

কেইটা মান কবিতাৰ স্তৱক ------- ক'ত যুগ ধৰি নীৰৱ হোৱা অহল্যাক পানীপচনাত পুতি কটাও এহেজাৰ উজাগৰী ৰাতিৰ ধূন জাপ খোৱা দুচকুৰ পতাত আকণ্ঠ ডুবি পান কৰোঁ তেওঁৰ নিস্তৰংগ ওঁ‌ঠৰ এটি এটি শাৰদীয় জোন। ******** শীতৰ শেষত উফন্দি উঠা এখন বৰ্ষাৰণ্য গৰকি যেতিয়া উশাহত বাঢ়ি আহে প্ৰতিটো উত্তপ্ত অভিসাৰিকা ৰজনী কাণ পাতি তেতিয়াও শুনো শাৰী শাৰী পাহাৰীয়া সৰলৰ ফাঁ‌কেৰে সৰকি অহা কহুঁ‌ৱা বনৰ সুহুৰি। ******** শুই থকা বন হৰিণীজনীক হেঁ‌চুকি নিচুকাই দুহাত মেলিও যেতিয়াই সামৰি থওঁ‌ বুকুতে হামখুৰি খাই পৰা চৌপাশৰ চঞ্চল সেউজীয়া পাহাৰ, তন্দ্ৰালিপ্সা অনুৰাগত কেঁ‌কাই উঠা হাজাৰ ডাল উটনুৱা কেকোঁ‌সাপ চুই আপাহতে ওপঙি ফুৰে কুঁ‌ৱলীৱে ঘেৰি ধৰা অসংখ্য অশৰীৰী মৃতকৰ কবৰ। ****** আঙুলি চপাই ক'ত ৰুই থওঁ নিফুট বুকুৰ কিৰীলি কামচৰাইৰ হালধীয়া ঠোঁ‌টত সেন্দুৰ গুজি শিলবোৰে সাৰ পোৱা হেতেঁ‌ন সমাগত হ'ল হয় শতযুগৰ সেই অতৃপ্ত লগন এই যেন খুঁত মাৰিলেই বুলবুলিৰ বুকু ভেদি বৈ যাব ঠাহ খাই থকা বুকুৰ নাঙঠ পাহাৰখন ।

No comments:

Post a Comment