তেওঁ মোৰ ধুনীয়া কাপোৰ সাজৰ প্ৰেমত পৰিছে
মখমলী কাপোৰ সাজৰ ধুনীয়া ৰংটোৱে তেওঁক বাৰুকৈয়ে মোহিত কৰে
তেওঁ প্ৰায়ে মোলৈ ৰ' লাগি চায় আৰু সন্মোহিত ভাবেৰে কৈ উঠে,
"কাপোৰ সাজেৰে তোমাক বৰ শুৱনি দেখাইছে
সদায় এনেকৈয়ে ধুনীয়া হৈ থাকিবাচোন"
মই সদায় তেওঁৰ বাবে নিজক সজাও সেউজীয়া ধুনীয়া কাপোৰ সাজেৰে
কাপোৰ সাজৰ মসৃণতাই মোকো মোহিত কৰে
অথচ মই জানো চিৰসেউজ মোৰ দেহত স্থায়ীত্ব বিহীন।
কেতিয়াবা ভাৱো এদিন নিজক নগ্ন কৰি তেওঁৰ স'তে মুখামুখি হওঁ
যদিও প্ৰাসঙ্গিকতাত নগ্নতা মোৰ গ্ৰহণযোগ্য নহয়
কিন্তু এইয়াটো চিৰন্তন সত্য---
যদি মোৰ নগ্নতাও তেওঁৰ বাবে হৈ পৰে সুন্দৰতাৰ প্ৰতীক
আৰু তেওঁ কৈ উঠে,
"আস্ এই অনিন্দ সৌন্দৰ্য্য ,ইমান সৌন্দৰ্য্যময়ী তুমি"
মোৰ সেউজীয়া আবুৰতা খিনি বাৰে বাৰে তেওঁৰ বাবে অহমিকাৰ পৰিচায়ক হৈ উঠে
আৰু মই,
অভিমানৰ প্ৰাচীন আলোৱান এখন গায়ে-মূৰে উৰি
তেওঁ নামৰ বৰষুণ এজাকত ওৰে ৰাতি তিতি থাকো
হৃদয়খন সেউজীয়া হৈ উঠালৈ
তেতিয়ালৈ হয়তো মই তেওঁক তাতেই পাওঁ
আৰু মই নিজে----মোক!!!!!.
No comments:
Post a Comment