তেওঁ মোৰ প্ৰিয় নাৰী
***********************
শৈশৱৰ ওমলা ঘৰৰ আলসুৱা সপোনবোৰক
জীৱন যুদ্ধৰ কঠোৰ পৰীক্ষাগাৰত
পৰ্য্যবেক্ষণ কৰি কৰি
তেওঁ গঢ় দি লৈছিল
এটি আপোনবিহীন ব্যক্তিত্বক//
যান্ত্ৰিক জীৱনৰ অপৰিপক্কতাৰ
যন্ত্ৰনাবোৰক গুপুতে গিলি তেওঁ
নীলকন্ঠী হ'ব শিকিছিল//
অপৰিসীমিত শোকগাথাৰে তেওঁ
তৈয়াৰ কৰি লৈছিল
এটি অভেদ্য আবেস্তনী//
চুলিৰ জঁটাত বন্দী কৰি ৰাখিছিল
তেওঁৰ সুখ,দুখ আৰু চকুলোবোৰ//
তেওঁৰ দুচকুৰ আবেদনত সিক্ত হৈ উঠে
মোৰ হৃদয়ৰ নীলাভ নদীখন//
সন্ধিয়া বেলিয়ে উপহাৰ দিয়া
ৰঙা চাদৰখন মেৰিয়াই
গধূলি যেতিয়া নদীখন গৰ্ভৱতী হ'ব ধৰে,
তেওঁৰ অস্তিত্বৰ সন্ধানত মই তেতিয়া ডুব যাওঁ
তেওঁৰ নিভাঁজ বুকুৰ নীলা কবিতাডৰাত//
মই প্ৰেমত পৰো,
সাগৰতলিত শুই থকা
হিমালয় সদৃশ তেওঁৰ গহীন মনটোৰ //
অনুভূতিৰ জলঙাৰে জুকিয়াই চাব খোজো
শৰতৰ নিয়াৰ সৰা দুৱৰি গচকি-গচকি সেউজীয়া হৈ
হেমন্তত হালধীয়া হোৱা তেওঁৰ আবেগখিনিক //
এবাৰ মোৰ বুকুৰে খুটিয়াই চাব খোজো
তেওঁৰ সাহসখিনিক;
মানসিকভাৱে কিমান দৃঢ় হ'লে
বিগ্ৰহৰ দুচটা প্ৰকান্ড শিলৰ ফাঁকত
অনুভূতি প্ৰৱণ তেওঁৰ কোমল মনৰ
ভয়খিনিক লুকুৱাই
তেওঁ প্ৰেমত পৰিব পাৰে লঠঙা শীতৰ//
যুঁজ দিব পাৰে উভটি বলা বতাহজাকৰ বিৰুদ্ধে//
তেওঁ মোৰ প্ৰিয় নাৰী,
মই অনুসৰন কৰোঁ তেওঁৰ চিন্তা আৰু চেতনাক--
মই শ্ৰদ্ধা কৰোঁ তেওঁৰ স্বাধীন চিতীয়া সত্বাক---
তেওঁ মোৰ নিসংগতাৰ এক
চেতনাস্ৰোত বোধিদ্ৰুম//
তেওঁ মোৰ প্ৰিয় নাৰী ///
No comments:
Post a Comment