***দুপৰ ৰাতিৰ জুই ***
শৱ'কটা মানুহ জনৰ বুকুতো আছিল
লেচাং মিন্টু ফুলৰ থোপা এটা ।
পলকতে উশাহটো হেৰুওৱা ৰাতিটোক
শুকাই কঢ়াল মৰা তেজৰ দাগ লগা,
সময়ৰ কষটি শিলচটাত পেলাই
টুকুৰা টুকুৰ কৰাৰ পৰত
মানুহ জনৰ শুকান বুকুৱেদিও বগাই গৈছিল,
এমোকোৰা পহ'ৰ ৰাতিৰ জোনাক ।
তেওঁ উমান পোৱা নাছিল
তেওঁৰ হাতৰ চোকা খঙৰাৰ কোবত
খাজ কটা শিলৰ বুকুখনৰ কথা ।
পাহাৰীয়া মেহেক হেনথুৰ কুমলীয়া ডালে
আচ্ছন্ন কৰি ৰাখিছিল মানুহ জনৰ অন্তৰাত্মা ।
কুন্তৰীৰ জুইৰ পোহৰত
হৰলাঙৰ মিঠা ৰাগী আৰু কিমুঙৰ সোৱাদ লোৱা
মানুহ জনৰ দুচকুত জিলিকিছিল
দুপৰ ৰাতিৰ একুৰা সৰিয়হ ফুটা জুই ।
লেচাং মিন্টুৰ জোপোহাটোলৈ চাই -চাই
শৱ'বোৰ খণ্ডিত কৰোঁতে
হৰলাঙৰ মিঠা জুইকুৰা
মানুহ জনৰ বুকুলৈ বিয়পিছিল ।
বিষে থেকনেকীয়া কৰা বুকুখন খামুচি
মানুহ জন এদিন ঢলি পৰিছিল
শৱ''কটা প্ৰকাণ্ড শিলচটাত
হাতৰ দা-খনে চুইছিল পাহাৰৰ নামনিৰ মাটি।
শৱ'কটা মানুহ জন প্ৰশান্তিত শুই পৰিছিল,
শিলচটাই ৰৈ-ৰৈ উচুপি আছিল ।
শিলচটাৰ উচুপনিত ইংহিন আবিৰৰ জোপোহা এটাৰ আঁৰত খকমকাই উঠিছিল
দেওঁহাঁহৰ জাক এটা,
দূৰৈত জ্বলি আছিল
দুপৰ ৰাতিৰ দপদপীয়া জুই একুৰা।
No comments:
Post a Comment