Monday, 7 November 2016

তেওঁ মোৰ প্ৰিয় নাৰী - Moukuhi Saikia

তেওঁ মোৰ প্ৰিয় নাৰী *********************** শৈশৱৰ ওমলা ঘৰৰ আলসুৱা সপোনবোৰক জীৱন যুদ্ধৰ কঠোৰ পৰীক্ষাগাৰত পৰ্য্যবেক্ষণ কৰি কৰি তেওঁ গঢ় দি লৈছিল এটি আপোনবিহীন ব্যক্তিত্বক// যান্ত্ৰিক জীৱনৰ অপৰিপক্কতাৰ যন্ত্ৰনাবোৰক গুপুতে গিলি তেওঁ নীলকন্ঠী হ'ব শিকিছিল// অপৰিসীমিত শোকগাথাৰে তেওঁ তৈয়াৰ কৰি লৈছিল এটি অভেদ্য আবেস্তনী// চুলিৰ জঁটাত বন্দী কৰি ৰাখিছিল তেওঁৰ সুখ,দুখ আৰু চকুলোবোৰ// তেওঁৰ দুচকুৰ আবেদনত সিক্ত হৈ উঠে মোৰ হৃদয়ৰ নীলাভ নদীখন// সন্ধিয়া বেলিয়ে উপহাৰ দিয়া ৰঙা চাদৰখন মেৰিয়াই গধূলি যেতিয়া নদীখন গৰ্ভৱতী হ'ব ধৰে, তেওঁৰ অস্তিত্বৰ সন্ধানত মই তেতিয়া ডুব যাওঁ তেওঁৰ নিভাঁজ বুকুৰ নীলা কবিতাডৰাত// মই প্ৰেমত পৰো, সাগৰতলিত শুই থকা হিমালয় সদৃশ তেওঁৰ গহীন মনটোৰ // অনুভূতিৰ জলঙাৰে জুকিয়াই চাব খোজো শৰতৰ নিয়াৰ সৰা দুৱৰি গচকি-গচকি সেউজীয়া হৈ হেমন্তত হালধীয়া হোৱা তেওঁৰ আবেগখিনিক // এবাৰ মোৰ বুকুৰে খুটিয়াই চাব খোজো তেওঁৰ সাহসখিনিক; মানসিকভাৱে কিমান দৃঢ় হ'লে বিগ্ৰহৰ দুচটা প্ৰকান্ড শিলৰ ফাঁকত অনুভূতি প্ৰৱণ তেওঁৰ কোমল মনৰ ভয়খিনিক লুকুৱাই তেওঁ প্ৰেমত পৰিব পাৰে লঠঙা শীতৰ// যুঁজ দিব পাৰে উভটি বলা বতাহজাকৰ বিৰুদ্ধে// তেওঁ মোৰ প্ৰিয় নাৰী, মই অনুসৰন কৰোঁ তেওঁৰ চিন্তা আৰু চেতনাক-- মই শ্ৰদ্ধা কৰোঁ তেওঁৰ স্বাধীন চিতীয়া সত্বাক--- তেওঁ মোৰ নিসংগতাৰ এক চেতনাস্ৰোত বোধিদ্ৰুম// তেওঁ মোৰ প্ৰিয় নাৰী ///

UNTITLED - Kankana Baishya

সুখ সুখ বুলি নেদেখো আনৰ দুখ অাওকান কৰি অানৰ চকুপানী হাহিব নোৱাৰে কোনেও কাহানি নেপাই বিচাৰি সুখ। মলিন হৃদয় যদি নিকা নহয় মাটিৰ মানুহ মাটিত মিলিম বুলি জনিও নজনা হয় মানুহে মানুহৰ বাবে ভুপেন দাৰ গীত যদিহে মনত নৰয় অৰ্থহীন এই সুখৰ প্ৰতিযোগিতা জোনাকী কাৰেঙৰ সপোন মালিতা। ............ (কংকনা বৈশ্য)।

UNTITLED - Bhaskar Deka

পকেটত খুচুৰা পইচা চাৰিআনা আজিৰ বজাৰত একোৱে নাপায় দলিয়াই দিলো চাল্লা নালালৈ বুলি কাৰনো কি আহে যায় মুল্যবৃদ্ধী জাতিয়তাবাদ মাথো কিছুমান ঈচ্ছু গজালৰ হান খাই ফাচিকাথত ওলমে যীচু ভগৱান ভগৱান কত তোমাৰ ফৰমান আল্লাই বিনাই বেহচত্ট মানুহ নামে নাম ধৰি সিমনাৰ অৰিয়াঅৰী সৃষ্টি কিয়নো মৰতত তোমাৰ কথাৰে ৰও যদি আমি পুৰুষ হও তোমাৰেই যদি আভাস তেজ ববলৈ দিয়া মানুহ হবলৈ দিয়া তেজৰে আনো প্ৰভাত তেজো যেন তেজৰ প্ৰভাত.................ভাস্কৰ

Saturday, 5 November 2016

অ' বিদেশী বন্ধু-Naba Kalita,

.....॥ অ' বিদেশী বন্ধু ॥....
...( হিউ ৱেন চাং -- ৰ কথা মনত পেলাই কিবা লিখাৰ চেষ্টা কৰিলো -- বানান ভুল হলে শুধৰাই দিব বুলি আশা কৰিলো )
-
সময় পালে
আকৌ এবাৰ আহিব চোন
অ' পাৰিলে
ত্যাগৰাজ আৰু গ্যান গুপ্তকো আনিব
কিন্তু
কেপ্তেইন আৰু আপোনাৰ
বাধা সত্তেও
গ্যান ভান্দাৰ অৱিনশ্বৰ
আমাৰ দেহ নশ্বৰ বুলি কৈ
প্ৰাণত্যাগ কৰাৰ প্ৰয়োজন নহব
বৰ্তমান সময়ত ।
এতিয়া সেই পৰিবহনত
উপভোগ কৰিব পাৰিব
ৰাগিত মাতাল হোৱা সকলৰ
উদ্যম নৃত্য ,
তথাপি আনিব
সকলো মিলি চাই যাব
সাতাম পুৰুষীয়া ,এলান্ধু বৰণীয়া নীতিত
ক্ষত বিক্ষত
এতিয়াও সমাজ ব্যৱস্থা ।
যদিও
কটাক্ষ কৰে
জংঘলৰ বান্দৰ বুলি
আপুনি
জংঘলৰ মাজেৰে
জলপথেৰে আহিব নালাগে
বৰ্তমান সময়ত ,
কিন্তু ----
আকৌ সেই তেজপিয়া ঈশ্বৰৰ পাল্লাত
নপৰে বুলি কথা দিব নোৱাৰিম আপোনাক
কাৰণ --
কৈছোৱেই --
সাতাপ পুৰুষিয়া এলান্ধু বৰণীয়া নীতিত
এতিয়াও
ক্ষত - বিক্ষত
সমাজ ব্যৱস্থা ---
তথাপি ---
সময় পালে আহিব চোন
আকৌ এবাৰ
আগতিয়াকৈ নকও দিয়ক,
সেই সময় .......
এই সময় ....
বহুত ........
LikeShow More Reactions
Comment

এটি মহানৰ মৃত্যুত - Kankana Baishya

এটি মহানৰ মৃত্যুত ----------------------------------- অাজি এটি মহানৰ মৃত্যু হ'ল বাতৰিৰ শিৰোনামা অথবা টিভিৰ পৰ্দাত জিলিকি উঠা মহান তেওঁ নহয় তেওঁ সমাজ সেৱক অথবা ৰাজনীতিজ্ঞও নহয় ফুটপাথ অাৰু মহানগৰীৰ সৰু সুৰা অলিয়ে গলিয়ে সন্ধান কৰিলে পোৱা যায় তেওঁৰ দৰে বহুতো মহানক দেহ নঢকা অতি তাকৰীয়া কাপোৰ পিন্ধিলেও তেওঁ পিছে মহাত্মাও নহয় । কুটকুৰা চুলি, অ'ত ত'ত মলিৰ চামনী বন্ধা অাৰু দুৰ্গন্ধৰ অাঁতৰত ডুব গৈ থকা মহানজনৰ পিছে বৰ বেছি ঠেহ পেছ নাই যিকোনো ঠাইত তেওঁ শেতেলী পাতিব পাৰে অ'ৰ ত'ৰ পেলনীয়া খাদ্যৰ টুকুৰা পেটত সুমুৱাই তেওঁ পৰিষ্কাৰ কৰে লেতেৰা চুকবোৰ … বাটৰ কুকুৰবোৰ তেওঁৰ সাংঘাটিক বন্ধু অাজি তেওঁৰ মৃত্যু হ'ল কেইটামান কোচোৱা নাকে তেওঁৰ মৃত শৰীৰটোক কোবাই থৈ গ'ল। কাউৰী শগুণ জাকে তেওঁৰ অাজি শ্ৰাদ্ধ পাতিব ওচৰত কুকুৰবোৰ ৰৈ অাছে শ্ৰদ্ধাতৰ্পন কৰিবলৈ-- তেওঁৰ অাত্মাৰ সদ্গতিৰ কামনাৰে …....... ( কংকনা বৈশ্য)

আমি পুৱাৰ দৰে আহিছোঁ, composer: Kushal Mirza

Audio & Video Realising on (Children's Day) 14th November 2016
(1)

গীতৰ কথা: মইনা গোস্বামী
সুৰ: কুশল
কণ্ঠ: মাষ্টাৰ ভিক্টৰ
"আমি পুৱাৰ দৰে আহিছোঁ
বেলিৰ দৰে উজ্জ্বল হৈ
আমাক কণ্ঠ দিয়া স্বপ্ন দিয়া
ধৰণী সজাম ধুনীয়াকৈ ৷৷
ধৰ্মৰ কথা নক'বা জ্ঞানেই আমাৰ ধৰ্ম
জাতিৰ কথা নক'বা জানো তাৰো মৰ্ম
ভেদাভেদ জিনি বন্ধন ভাঙি
আগবাঢ়ি যাওঁ সাহসী হৈ
ধৰণী সজাম ধুনীয়াকৈ ৷৷
শকতি লালন কৰিছোঁ যুগৰ সেনানী হৈ
নতুন কিতাপ পঢ়িছোঁ বাট চিনি লব'লৈ
ৰূপান্তৰৰ গামেই গীত
সমাজ সলনি কৰিবলৈ
ধৰণী সজাম ধুনীয়াকৈ ৷৷"
LikeShow more reactions
Comment

'''চানডুবি'''-Rumi Nath

'''চানডুবি''' NATURES' CALLING BY RUMI NATH
          '''চানডুবি'''

ঘোৰ কলা আন্ধাৰ আঁতৰাই 
পূবৰ সূৰুযে আলোক বোধন
কৰিছিল মাথো তেতিয়া.,
যেতিয়া মই তোমাৰ ওচৰলৈ
বুলি বাট বুলিছিলো ।
আজি যেন মই একোকে
বিচৰা নাছিলো
যদি বিচাৰিছিলো
সেয়াও মাথো তোমাকেই ।
অহৰহ কল্ কল্ কৈ বোৱা
তোমাৰ প্ৰেমভৰা নদীৰ সোঁতে
আজি মোৰ হৃদয়ৰ
পাৰ ভাঙি ব'ব ধৰিছিল ।
নেজানো মোৰ তোমাৰ প্ৰতি
ইমান দুৰবলতা ক'ত ?
আজি আহি পালোহি তোমাক
পুনৰ সেই ঠাইত
য'ত আমাৰ প্ৰথম চিনাকী ।
হয় এয়াই তুমি
এয়া তোমাৰ দেহজুৰি
বিয়পি থকা উজ্বল জলেই
মোৰ বাবে এতিয়া তীব্ৰ সুৰা
স্বৰূপ ।
হয় এয়াই তুমি ।
জনতাৰ কোলাহল নহয়
য'ত মাথো সমীৰণত ভাঁহি
অহা পখীৰ সুৱদি সুৰ
শুনিবলৈ পাওঁ ।
এইবোৰেই কিজানি মোৰ
তোমাৰ প্ৰতি থকা দুৰবলতা !
তুমিয়েই মাতি আনা মোক
চানডুবি
তোমাৰ সেউজীয়াৰ মাজত
বিচাৰি চাবলে মোৰ সজীৱতা ।
✏......ৰুমী নাথ

LikeShow More Reactions
Comment