'''চানডুবি''' NATURES' CALLING BY RUMI NATH
পূবৰ সূৰুযে আলোক বোধন
কৰিছিল মাথো তেতিয়া.,
যেতিয়া মই তোমাৰ ওচৰলৈ
বুলি বাট বুলিছিলো ।
কৰিছিল মাথো তেতিয়া.,
যেতিয়া মই তোমাৰ ওচৰলৈ
বুলি বাট বুলিছিলো ।
আজি যেন মই একোকে
বিচৰা নাছিলো
যদি বিচাৰিছিলো
সেয়াও মাথো তোমাকেই ।
বিচৰা নাছিলো
যদি বিচাৰিছিলো
সেয়াও মাথো তোমাকেই ।
অহৰহ কল্ কল্ কৈ বোৱা
তোমাৰ প্ৰেমভৰা নদীৰ সোঁতে
আজি মোৰ হৃদয়ৰ
পাৰ ভাঙি ব'ব ধৰিছিল ।
তোমাৰ প্ৰেমভৰা নদীৰ সোঁতে
আজি মোৰ হৃদয়ৰ
পাৰ ভাঙি ব'ব ধৰিছিল ।
নেজানো মোৰ তোমাৰ প্ৰতি
ইমান দুৰবলতা ক'ত ?
আজি আহি পালোহি তোমাক
পুনৰ সেই ঠাইত
য'ত আমাৰ প্ৰথম চিনাকী ।
ইমান দুৰবলতা ক'ত ?
আজি আহি পালোহি তোমাক
পুনৰ সেই ঠাইত
য'ত আমাৰ প্ৰথম চিনাকী ।
হয় এয়াই তুমি
এয়া তোমাৰ দেহজুৰি
বিয়পি থকা উজ্বল জলেই
মোৰ বাবে এতিয়া তীব্ৰ সুৰা
স্বৰূপ ।
এয়া তোমাৰ দেহজুৰি
বিয়পি থকা উজ্বল জলেই
মোৰ বাবে এতিয়া তীব্ৰ সুৰা
স্বৰূপ ।
হয় এয়াই তুমি ।
জনতাৰ কোলাহল নহয়
য'ত মাথো সমীৰণত ভাঁহি
অহা পখীৰ সুৱদি সুৰ
শুনিবলৈ পাওঁ ।
জনতাৰ কোলাহল নহয়
য'ত মাথো সমীৰণত ভাঁহি
অহা পখীৰ সুৱদি সুৰ
শুনিবলৈ পাওঁ ।
এইবোৰেই কিজানি মোৰ
তোমাৰ প্ৰতি থকা দুৰবলতা !
তুমিয়েই মাতি আনা মোক
চানডুবি
তোমাৰ সেউজীয়াৰ মাজত
বিচাৰি চাবলে মোৰ সজীৱতা ।
তোমাৰ প্ৰতি থকা দুৰবলতা !
তুমিয়েই মাতি আনা মোক
চানডুবি
তোমাৰ সেউজীয়াৰ মাজত
বিচাৰি চাবলে মোৰ সজীৱতা ।
✏......ৰুমী নাথ

No comments:
Post a Comment