Wednesday, 30 November 2016

অবিশ্ৰান্ত (গল্প)--পাৰ্থ প্ৰতিম কলিতা

অবিশ্ৰান্ত (গল্প)
০০০০০০০০০
বাৰান্দাৰ খুটাটোত হাতেৰে পকাই চু নোচওঁ কৈ ভৰিখন তিয়াই আছে তাই । মাজে মাজে হাতেৰে বৰষুণৰ টোপাল ধৰাৰ বৃথা চেষ্টা । আসঃ কিমান যে ধুনীয়া তাই ।
: হেই , আৰু নিতিতিবা । ঘুচি আহা । নতুন বৰষুণ শুনিছানে
সি বৰষুণত তিতি আছে , আৰু বাৰান্দাৰ পৰা তাক চাই আছে তাই ।
শৈশৱৰ এনেকুৱা দিনবোৰতে কাগজৰ নাওঁ বনাই উটুৱাই দিছিল দুয়ো । বাৰান্দাৰ খুটাত ধৰি এনেকৈয়ে ভৰিৰে ভয়ে ভয়ে স্পৰ্শ কৰিছিল বৰষুণৰ পৰশ ।
বৰষুণক ভয় নকৰে সি , আৰু তাইৰতো বহুত প্ৰিয় বৰষুণ । মাকৰ গালিক লুকাই লুকাই কিমান যে তিতিছিল শৈশৱত ।
যৌৱনত যে ক'ত বৰষুণত একেলগেই তিতিছিল দুয়ো । ধেইত, চাতি লৈ বৰষুণৰ ভাললগাৰ পৰা বঞ্চিত হ'ব নোৱাৰো দেই । তাই কয়, সি হাঁহে ।
: হেই , বেছিকৈ নিতিতিবা । নহ'লে ময়ো যাম কিন্তু । পুনৰ চিঞৰি উঠে তাই ।
তাই প্ৰেগনেন্ট । আহিবলগীয়াজনৰ প্ৰতিয়েই এই সচেতনতা । কিমান যে কষ্ট হৈছে তাইৰ বৰষুণৰ পৰা আতৰত থাকি । মাতৃত্বৰ প্ৰথম খোজৰ মিঠা অনুভূতিৰ মাদকতা এজনী নাৰীতকৈও আনকোনে ভালকৈ বুজি পাব । কাষতে থকা তাৰ দুহাতত জোৰেৰে খামুচি ধৰিছিল তাই ।
: অ'ই মই প্ৰেগনেন্ট ,মই প্ৰেগনেন্ট... । আসঃ, এই বেঙুনীয়া ৰঙৰ ৰেখাই তেজ মঙহৰ শৰীৰৰ হ'ব । কিমান যে হেঁপাহ । তাইৰ পেটত লাহে লাহে আঙুলি বোলাইছিল সি , সি তাইৰ চকুলৈ চাই আছে । লাজবোৰ থুপ বান্ধিছিল সিদিনা তাইৰ চকুত । তাই কুচিমুচি লেহুকা হৈ পৰিছিল তাৰ বুকুৰ মাজত । তাৰ মনত পৰে ।
সি বাৰান্দালৈ উঠি আহে । তাই তাৰ পিনে চাই আছে । সি তাইক সাৱটি ধৰে আকুলতাৰে। তাৰ উশাহবোৰ উশৃংখল হৈ বিয়পি পৰিল তাইৰ চুলিৰ ভাঁজে ভাঁজে ।
মেঘা... মেঘা..
কোন মেঘা? মই বিজিতা ।
***************
মেঘা... মেঘা.. আৰু আগুৱাই নাযাবা । উভতি আহা . পৰি যাবা । মেঘা ... শুনিছানে..
মেঘা... পানীত নানামিবা .. শিলবোৰ বৰ পিছল , পানীবোৰো বৰ চেঁচা মেঘা
মেঘা.. শুনিছানে.. এইফালে এইফালে
মেঘা....মেঘা....
***************
চোফাখনত গাটো এৰি দি সি বহি আছে । এটা ফুটুকীয়া ফ্ৰক পিন্ধি মেঘা আহিছে । তাইৰ হাতত কেঁচা আম এটোপোলা । ফ্ৰকত আমৰ কেঁচা দাগ । লেতেৰী.. খং কৰি গুচি গ'ল মেঘা ।
এয়া মেঘাই তাৰ পিনে চাই হাঁহিছে । ডাঙৰ হৈছে মেঘা । মেখলা চাদৰ পিন্ধি আলিবাটৰে গৈ আছে তাই । সি পিছে পিছে ৰেলী চাইকেল চলাই সি গৈ আছে ।
এয়া মেঘা তাৰ কাষত । তাৰ নিমজ গালত ক'লা ক'লা ডাঠ দাড়ি গজিছে । । মেঘাৰ চুলিবোৰে ঢৌ খেলে তাৰ গালে মুখে । তাইৰ চকুৰ চাৱনি, হাঁহিৰ খিন্দিলনি...
: মেঘালী কোন হয় ? দ্বিতীয়বাৰৰ বাবে জোৰেৰে চিঞৰি উঠে তাই । পলকতে অতীতৰ পৰা ঘুৰি আহে সি । এক অজান সংশয় আৰু তীব্র অস্থিৰতাত তাই চটফটাইছে । দুচকু ৰঙা হৈ উখহি পৰিছে । নাকৰ পাহী দুটা সামন্য ফুলিছে । খং আৰু সন্দেহৰ চাৱনিৰে তাই তাৰ পিনে চাই আছে । চকুৰ কোণত চকুপানী । আসঃ সেই একেই চকুপানী , হোমৰ জুইত চকু পোৰাৰ সময়ত ওলোৱা দেখিছিল সি । কিবা ক'ব খুজিও ৰৈ যায় সি । মেঘা ... মুখৰ ভিতৰতে বিলীন হৈ পৰে তাৰ শব্দ ।
: নোকোৱা কিয় ? তোমাৰ কাৰোবাৰ সতে এফেয়াৰ আছে নেকি? আগতকৈ অধিক জোৰেৰে চিঞৰি উঠে তাই । তাইক বুজাব বিচাৰিও সি ৰৈ যায় । মৌন হৈ মাথোঁ চাই ৰয় তাইৰ চকুলৈ । উদাস উদাস তাৰ চাৱনি ।
প্ৰচণ্ড শব্দ কৰি দুৱাৰখন বন্ধ কৰি গুচি যায় তাই । দুৱাৰখনৰ ঠিক ওপৰত থকা ফটোখন কঁপি থাকে কিছুপৰ .. টু দ্যা মোষ্ট এমেজিং এণ্ড ৰোমাণ্টিক কাপল্ অন আৰ্থ ।
***************
বজাৰৰ মোনাখন টেবুলৰ ওপৰত ৰাখিলে সি । তাই ৰঙা গোলাপ বৰ ভালপায় । সেইবাবে ৰঙা গোলাপ এথোপা আনিছে । তাই ভালপোৱা ধৰণে আনিছে এটা ডাঙৰ টেডী, এযোৰ কাণফুলি । আসঃ কিমান দিন যে হ'ল ভালকৈ এষাৰ মাত নুশুনাৰ । তাই নিজকে কোনোবা বিজিতা ভাৱে । তাই আচলতে মেঘা । সি জানে । তাইৰ কিবা এটা হৈছে । তাইক ভাল ডক্টৰৰ ওচৰত দেখাব লাগিব । সি মনতে ভাৱে ।
তাই তাৰ কাষলৈ আহিছে ।
:বিজিতা- আকুলতাৰে মাতে সি । কিছু চেকেণ্ড নীৰৱতা । তন্ময়তা ভাঙি সি তাইক ককালত খামুচি ধৰি ওচৰলৈ টানি আনে ... লাহে লাহে..
*************
বজাৰৰ মোনাখন টেবুলৰ ওপৰত ৰাখিলে সি । তাই ৰঙা গোলাপ বৰ ভালপায় । সেইবাবে ৰঙা গোলাপ এথোপা আনিছে । তাই ভালপোৱা ধৰণে আনিছে এটা ডাঙৰ টেডী, এযোৰ কাণফুলি । আসঃ কিমান দিন যে হ'ল ভালকৈ এষাৰ মাত নুশুনাৰ ।
: হেই, কাক লাগে? এনেকৈ ভিতৰলৈ সোমাই আহিছে কিয় ? তাক দেখি চিঞৰি উঠিল ।
সম্ভৱ তাই অভিমান কৰিছে । অভিমান কৰাৰে কথা । কিমান দিন যে হ'ল..
: বিজিতা মোক ক্ষমা কৰি দিয়া । তাইৰ ওচৰলৈ গৈ আকুলতাৰে কয় সি । হাতৰ ফুলথোপা আগুৱাই দিয়ে তাইৰ ফালে ।আই ...
: কি অভদ্ৰামি কৰিছে এইবোৰ মই বিজিতা নহয় । মই মেঘালী । আঁৰত হওঁক ইয়াৰ পৰা... চিকিউৰিটি চিকিউৰিটি...
************
: ষ্ট্ৰেঞ্জ। তাৰপিছত ? হাতৰ চিগাৰেটটো ছাইনীত গুজি উৎকণ্ঠাৰে সোধে বাসৱে
: নাজানো তাইৰ হৈছে কি । আজিকালি তাই প্ৰায়ে এনে অস্বাভাৱিক আচৰণ কৰে । প্ৰতিটো বস্তুৱে বিসংগতিপূৰ্ণৰে দেখা পায় তাই । কেতিয়াবা বিজিতা হয় , কেতিয়াবা মেঘালী । আসঃ মই নাজানো বিজিতা কোন , মেঘালী...মেঘালী তাইৰ নাম । কিন্তু ... আসঃ বাসৱ মই পাগল হৈ যাম ।
: এনেকুৱা নহয়তো যে বিজিতা আৰু মেঘালী সঁচাকৈয়ে দুটা চৰিত্ৰ ?
: কি আবোলতাবোল বলকিছ তই, সেই চকু, ওঁঠত তিল , তাইৰ উশাহবোৰ ... প্লিজ হেল্প মি
: দেন স্প্লিট পাৰ্চনালিটি
: মে বি মে নট বি । আই থিং । ব্লেণ্ডাৰ্চ প্ৰাইডৰ অৱশিষ্ট পেগটো মুখত দি আকৌ কয় সি... এই থিং এই সকলোবোৰ এটা প্ৰি প্লেন । আৰু সকলোবোৰৰ পিছত আছ তই বাসৱ
: মই??? আশ্চৰ্যত চিঞৰি উঠে বাসৱে । কি কৈছা তই এইবোৰ , এম ইয়োৰ...
: নো.. ইউ আৰ নাথিং ফৰ মি । হাতৰ গিলাচটো গাৰ সমস্ত শক্তিৰে দলিয়াই চিঞৰি উঠে সি । তই আৰু মেঘাই মিলি মোক পাগল কৰিব বিচাৰিছ । তহঁতৰ প্লেন মতেই তাই এনে নাটক কৰি আছে । কোনে জানে তাইৰ পেটত থকা সন্তানটো মোৰ নে তোৰ ।
তহঁত দুয়োৰে মাজত...
: ছিহ্হ ... বন্ধ কৰ এইবোৰ । বাসৱে চিঞৰি উঠে ।
***********
: এনেকৈ তাক কিয় কষ্ট দিছা মেঘালী ? সি কি ক্ষতি কৰিছে তোমাৰ
: হাঃ হাঃ । আৰ্তনাদ কৰি চিঞৰি উঠে মেঘালী । দুচকুত পৈশাচিক উন্মাদনা ।
: প্লিজ মেঘালী, কাবৌ কৰিছো । গুচি যোৱা তুমি । মোক বাসৱক উভতাই দিয়া । প্লিজ...
:
: তুমি নিষ্ঠুৰ , তুমি নিৰ্দয়া । উচুপি উঠে বিজিতা ।
সম্মুখৰ দাপোনখন কঁপি ৰয় কিছুপৰ । তাতেই হেৰাই যায় মেঘালী ।
বাসৱ... বাসৱ.. আৰু আগুৱাই নাযাবা । উভতি আহা বাসৱ. পৰি যাবা । বাসৱ ... শুনিছানে..
বাসৱ... পানীত নানামিবা .. শিলবোৰ বৰ পিছল , পানীবোৰো বৰ চেঁচা
বাসৱ.. শুনিছানে.. এইফালে এইফালে
বাসৱ... বাসৱ....
**************
একেৰাহে কথাখিনি কয় সি কিছু সময় ৰ'ল । টেবুলত থকা বটলটোৰ পৰা পানী অলপ খালে । তাৰ সম্মুখত এজন বিখ্যাত মনো চিকিৎসক সিদ্ধাৰ্থ বেনাৰ্জী ।
ডক্টৰজনে তাৰ ফালে তীক্ষ্ন ভাৱে চাই আছে । ভাঁজ খোৱা কঁপালৰ মাজত যেন থুপ খাই আছে হেজাৰ চিন্তা ।
: সমগ্র কথাখিনি আমি তিনিটা ধৰণে চাৱ পাৰো । হয়তো বিজিতা আৰু মেঘালী সঁচাকৈয়ে বেলেগ চৰিত্ৰ , হয়তো সকলো প্ৰি প্লেন বা সকলোবোৰ তাইৰ আগোচৰে হৈ আছে । স্প্লিট পাৰ্চনালিটি । যাক কোৱা হয় মাল্টিপল পাৰ্চনালিটি দিচঅৰদাৰ । তেওঁ তাৰ ফালে আকৌ ক'ব আৰম্ভ কৰিলে । ইতিমধ্যে প্ৰথমটো নহয় বুলি আপুনি নিশ্চিত । দ্বিতীয়টোও অমূলক বুলি নিশ্চিত হৈছে । বাকী থাকিল তৃতীয় ধাৰণাটো , যদি এয়া হয় তেন্তে বিজিতা আৰু মেঘালী এটাই চৰিত্ৰ আৰু যি স্প্লিট পাৰ্চনালিটিত আক্ৰান্ত । কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল এনে নামৰ কোনো চৰিত্ৰ বাস্তৱত নাই ।
: হোৱাট? আশ্বৰ্যত চিঞৰি উঠিল সি । আপুনি এইবোৰ কি বলিয়ালী কৰিছে ডক্টৰ। মেঘালীৰ সৈতে শৈশৱৰ পৰা একেলগেই ডাঙৰ হৈছো ।
: হয় । এয়া পিছে আপোনাৰ মনোজগতত । উৰ্বৰ মস্তিস্কৰ কল্পনা মাথোঁ
: হোৱাট ৰাবিচ ! মই...
তাৰ কথালৈ গুৰুত্ব নিদি বেনাৰ্জীয়ে পুনৰ কৈ গ'ল । মেঘালীৰ কল্পনা আপোনাৰ মনত এনেকৈ গাঢ় লৈছে যে তাৰ উপস্থিতি আপুনি বাস্তৱত অনুভৱ কৰে । প্ৰতিটো কল্পনাক বাস্তৱত অনুভৱ কৰে । হেলুচিনাচন ।
: হোৱাট দা হেল ! বিজিতাও কি মোৰ কল্পনাৰ সৃষ্টি নেকি ?
: বিজিতা আপোনাৰ কল্পনাৰ কল্পনা ।
: আসঃ মই পাগল হৈ যাম ডক্টৰ । কি বলিয়ালী এইবোৰ । বাৰু মানি ল'লো এই আটাইবোৰ সঁচা তেন্তে কি বাসৱো মোৰ কল্পনা নেকি? এই যে আপোনাৰ সতে বহি আছো এয়া কি মোৰ কল্পনা । উফঃ
হেলুচিনাচন । ডক্টৰ বেনাৰ্জীয়ে অনুচ্চৰ ভাৱে ক'লে । মুখৰ ভিতৰতে শব্দটো সৃষ্টি হয় শেষ হ'ল । ডক্টৰ বেনাৰ্জীয়ে তেওঁৰ ফালে ফাইল এটা আগবঢ়াই দিলে ।
বাসৱ চৌধুৰী
বয়স : একত্ৰিশ
কিছু সময় নীৰৱতা । সি বহাৰ পৰা থিয় হ'ল । তাৰ মুৰত প্ৰচণ্ড বিহ, ভৰিত যেন কোনোবাই শিকিলিহে পিন্ধিইছে খোজ দিব পৰা নাই । সি দৰ্জাৰ ফালে চালে, ফেনৰ বতাহত পৰ্দাখন দুলি আছিল তেতিয়া ।
০০০০০০০০০০০০
✍�পাৰ্থ
LikeShow More Reactions
Comment

"তুমিতো মোৰ একো নোহোৱা" - Harkumar Nath

উৎসৰ্গিত: মৃদুল ভূঞা "তুমিতো মোৰ একো নোহোৱা" তুমিতো মোৰ একো নোহোৱা... সাগৰ দেখিছা বুলি ওলোটাই মোক নুসুধিবা...!!! সাগৰ বহল...মই দেখিছোঁ...!!! হৃদয়ৰ দৰে...নহ'বও পাৰে তোমাৰ...!!! ...আৰু জানা মই মদাহী...!!! মদে মোক সুখ দিছে, স্বপ্ন দেখুৱাইছে জীৱনৰ...তোমাৰ-মোৰ...!!! তুমিতো এৰি গ'লা... মদে মোক এতিয়াও এৰিব পৰা নাই...!!! বহুতো ক'বলৈ মন যায় মন যায়...!!! নৈ, সাগৰ, গছ-লতা আৰু ভালপোৱা...!!! আকাশ আকাশ বিশাল বিশাল কিনো ক'ম তুমিতো মোৰ একো নোহোৱা...!!! -শ্ৰীহৰকুমাৰ নাথ-

॥ নাৰী ॥ - Ranju Moni Mahanta

॥নাৰী ॥ ✍ ৰঞ্জুমণি মহন্ত । সহনশীলতাৰ কঠিন বৰ্ম পিন্ধি মৃত্যুৰ দুৱাৰদলিত ভৰি থৈ স্বাগতম জনাওঁ তোমাক । জীৱন-মৰণৰ সন্ধিক্ষণত পৃথিৱীলৈ আগমন তোমাৰ। সৌন্দৰ্য্যৰ অৱক্ষয়ত প্ৰতিপালিত তোমাৰ আঁহে পাঁহে লাগি থকা মোৰ ক্ষয়িষ্ণুতাৰ শোক গাঁথা ঢাকি ৰাখো মমতাৰ অহংকাৰেৰে। ভগ্নীত্বৰ আঁচলৰ স্নেহবন্ধনত সুশোভিত তোমাৰ হাত । যৌৱনত মই তোমাৰ প্ৰেয়সী । তোমাৰ সমস্ত ৰিক্ততা, বিষণ্ণতা আৰু নিঃসংগতাৰ মই সংগী ময়েই মাতৃ , ময়েই ভগ্নী, ময়েই প্ৰেয়সী অথবা পত্নী । নেলাগে অৰ্ধাকাশ এখন মুক্তাকাশ দিয়া ভীতিহীন, নিঃসংকোচ সহজ বিচৰণ মোৰ চিৰকাম্য ।

কাপোৰসাজ নসলাবি আঘোণী - Chandan C Kalita

কাপোৰসাজ নসলাবি আঘোণী বৰকৈ শুৱাইছে তোক থৌকি বাথৌ ঢৌ খেলিছে ঘামে ধোৱা উদং বুকু মোৰ । সেউজীয়া ৰহণেৰে সুধাসিন্ধু বোৱাই ও হেপাহে নপলালনে তোৰ বুকুত যে গাঠি ললি আউসীৰ নিশাৰ জোনাকী পৰুৱাবোৰ । ঘূৰ্ণ্যমাণ জলৰাশি জানো নৈৰ বুকুতে থাকে প্ৰাপ্তিৰ স্পৰ্শানুভূতিৰে জানো সুগন্ধি বতাহ বলে । শুনা নাই কোনোকালে , দেখিছো মাথোঁ জন্ম জন্মান্তৰে হোৱা দুয়োৰো প্ৰেমৰ কল্লোল ধ্বনিৰে । ধৰণি বিদিৰ্ণ কৰি তীক্ষ্ণ তীখাৰে মইতো জন্মদাতা পিতৃ তোৰ । একোলা কোলা ধৰি চেনেহ চুমা ঢালি পিতৃৰ গৰ্বৰে ওফোন্দা বুকু মোৰ । পথাৰ উদং কৰি লখিমী হবৰ হল বুকু শুদা কৰি মোৰ । যাঃ আজলী লাজো নালাগেনে তোৰ । আগ চাউল ছটিয়াই তামোল গুটি পানেৰে বোৱাৰী আদৰাদি আদৰিম তোক গোবৰেৰে মছি নিমজকৈ ৰাখিছো চোতাল শুৱোৱা ভৰালটো মোৰ সোনগুটি চপাও বুলি আছলেৰে তোৰ । প্ৰেমৰ দোলেৰে আটি বান্ধি দোলাৰে কঢ়িয়াম তোক আকৰী , কজলা চুলিৰ মাজত লুকুৱাই ৰাখিবি জোনাকৰ লিহিৰিপতিয়া হাত এইকনো নাইনে তোৰ সজাত । কাপোৰসাজ নসলাবি তই বৰকৈ শুৱাইছে তোক সৌন্দৰ্য সফুঁৰাৰ বিশাল সমূদ্ৰৰ খনিকৰ সাজিছ মোক । । । ।

Tuesday, 29 November 2016

আকৌ যেন কবি হৈ যাম - Himangshu Prasad Das

আকৌ যেন কবি হৈ যাম -------------------------- হিমাংশু প্ৰসাদ দাস আকৌ যেন কবি হৈ যাম উভটি বোৱা নদীৰ উন্মাদনাৰে যেন তোমাক সাবটি ধৰিম ফেনে-ফোটোকাৰে যেন উপচি পৰিম তোমাৰ সমগ্রতাত অৰণ্যৰ সেউজীয়া হৈ অন্তৰৰ অতলৰ পৰা ডিঙিলৈ উজাই আহক ব্ৰহ্মাণ্ডৰ তৃষ্ণাৰ্ত কাতৰতা তোমাৰ ওঁঠৰ পৰা বুটলি আনিম নিটাল মৰা মোৰ শব্দৰ আদিমতা আকৌ যেন কবি হৈ যাম দুহাত মেলি আগচি ধৰিম দুৰন্ত বতাহ চিটিবাছৰ পাওদানীত উলমি গোটেই চহৰখনক যেন শুনাই যাম এইমাত্ৰ লিখি শেষ কৰা মোৰ কবিতাৰ উন্মুক্ত উচ্চাৰণ উলাহৰ নিচান উৰুৱাই উৰুৱাই যেন জাকি মাৰি আহিব অত'দিনে মোৰ পৰা আতঁৰি থকা বসন্ত বসন্ত প্ৰতিটো আখৰ যেন এতিয়াই লিখিব পাৰিম আজিলৈ লিখা নোহোৱা মোৰ শ্ৰেষ্ঠ কবিতা আকৌ যেন কবি হৈ যাম দুহাত মেলি আগচি ধৰিম দুৰন্ত বতাহ ফোন:৯৭০৭০-১৫৪৯৬

তেওঁ আহিব খুজিছিল - Dhan Kalita

তেওঁ আহিব খুজিছিল ! বাধা কিন্তু , মই দিয়া নাছিলো । বৰষুণ এজাক আহিছিল । আৰু মই ওলাই গৈছিলো । তেওঁ আহিছিল ! তেতিয়া বৰষুণজাক নাছিল । আৰু নাছিলো মইয়ো । তেওঁ ৰৈ আছিল । কিন্তু, মইয়ো ওভতি আহি পোৱা নাছিলো । আৰু যেতিয়া বেলিটো ওলাইছিল, তেতিয়া তাত কোনো নাছিল !

বাটৰুৱা - Moukuhi Saikia

বাটৰুৱা--- ------------- পৰিচয় বিহীন ভাবে মোৰ পদুলি গৰকি তেওঁ সোমাই অহাৰ দিনা চোতাল ভৰি পাৰজাকে ৰুণ দিছিল--/ বৰঘৰ,ভড়ালৰ মূধচ ক'তোৱেই যে নাছিল অকনমান খালী ঠাই--/ ফাগুন বনতো পলাশ-শিমলুৰ জুইফুল ফুলিছিল--/ আলসুৱা মেঘৰ শুকুলা টুকুৰাবোৰে আকাশৰ বুকুৰ নীলাখিনি বিচাৰি উৰি ফুৰিছিল দিহিঙে দিপাঙে--- গধূলি ধূনাৰ মলমলীয়া সুগন্ধ এটা বিয়পি পৰোঁতেই মই দুভৰিত নূপূৰ পিন্ধিছিলো, পঞ্চসুৰী মূৰুলি বজাই কন্ঠত আবেগৰ জড়তা সানি দুভাগ নিশা তেওঁ বাৰু মোকেই মাতিছিল নিকি সিদিনা? মইতো নহয় কামিনী কাঞ্চন কোনো দেবদুর্লভা--। বেৰৰ জলঙা সৰকি তেওঁৰ দেহৰ জোনাকবোৰ ছিটিকি-ছিটিকি অহাৰ পৰত, বুকুত আবেগৰ মেঠনি বান্ধি জুমি জুমি চায় শিয়ৰি উঠিছিলো-- এইয়াচোন মোৰেই প্ৰানৰ দেৱতা ---/ তেওঁ বুলি এদিন সন্ধ্যা তৰাটিকে বৰিলো--/ জোনাকৰ ওৰণি টানি জোনবাইক সাক্ষী কৰি জনম-জনমলৈ তেওঁৰ সতে গাঁথিলো লগন-গাঁথি----। ৰামধেনুৰ বুকুৰ ৰঙাখিনি আজুৰি সেওঁতা সজালো এদিন হঠাৎ---- তেওঁৰ উভটি যাবৰ হ'ল--। এজাক কৃষ্ণচূড়াৰ ৰঙত মোক ডুবাই পথাৰৰ আলিমূৰীয়া ওলমা বেলিটোৰ গাত গা ঘঁহাই বুকুৰ আমঠুত কজলা বৰণ সানি তেওঁ অহা বাটেই পুনৰ গ'ল উভটি----