Thursday, 5 January 2017

মোৰ চকুপানীৰ টোপালবোৰত এইখন কাৰ মুখ-Dhanbor Bhuyan





মোৰ চকুপানীৰ টোপালবোৰত
এইখন কাৰ মুখ।
(০.২)
তুমি নেমেলিবা কাজল সনা চকু,
মৰিব পখিলা, জ্বলিব মোৰ স্বপ্নৰ বুকু।
(০.৩)
মোৰ বুকুত এইডাল কিহৰ হুল,
সপোনৰ ভালপোৱাত
ৰাহু-কেতুৰ অযুত ভুল।
(০.৪)
তুমি ক'ত বজোৱা বাঁহী,
মোৰ কলিজা সূর্যাস্তৰ নিয়মীয়া প্রহৰী।
(০.৫)
তুমি ইমান চঞ্চল হৈছা
কাৰ ভালপোৱা চুমি,
মোৰ দেহত বাঢ়ি গৈছে
বসন্তৰ অবাধ মৰুভূমি।

কিদৰে-Rajib Bora



কিদৰে মচি দিও
বুকুৰ তেজেৰে লিখা হেঁপাহি কবিতা!
কিদৰে পাহৰো বসন্তৰ
ৰাগি লগা শেৱালিৰ সুবাস।
বুকুৰ পৰা জিয়া মঙহ
কাটিব পাৰি জানো!
আপোন বুলিবলে কলিজাখনেইটো আছে,
তাকো সকলোৱে চেপি চেপি খালে।

অপেক্ষা আৰু কিছু আশা-S Panku Priyam Barhoi

অপেক্ষা আৰু কিছু আশা
✍পংকু প্ৰিয়ম বাঢ়ৈ
অহাৰ বাটেৰে যাবগৈ
এদিন আদৰি অনা সময়বোৰ
অতীত হোৱা সময়বোৰত
ঘুৰি চোৱা নহল ভূল কত কৰিলো
সময়ৰ বোৱতি নদীত আকৌ
এটি নতুন ঘাটে যাব জীৱন দিঙা
এৰি যোৱা সময়বোৰত পোৱা
সুখ-দুখৰ হিচাপ আজিও নকৰো
ব্যস্ত হৈ পৰিম মাথো আজি
সন্ধ্যাৰ কানিমুনি আন্ধাৰ হোৱালৈ
নতুনক আদৰাৰ প্ৰস্তুতিতকৈ
আগ্ৰহ বেছি সুৰাৰ জুতি লবলৈ
এনেকৈ আহিব নতুন সময়
মাথো কেলেণ্ডাৰখন সলনি হব
বন্ধুৰ পৰা বাৰ্তা আহিব
শুভকামনাৰে সকলো ভৰি পৰিব
সঁচাকৈয়ে আহে জানো
পৰিকল্পনাহীন সময়ত সুখৰ বাৰ্তা
সাধাৰণ এটি জীৱন মোৰ
বৰ বেছি পোৱাৰ হাবিয়াস নাই
যুঁজি আছো মাথো সময়ৰে
সাধাৰণ ভাবে জীয়াই থাকিবলে
এইবাৰ সলনি হব সময়
পৰিকল্পনাৰে আগুৱাম দিনবোৰ
আজি গতানুগতিক নহয়
সন্ধ্যা পোহৰলৈ অপেক্ষা কৰিম
সুৰাৰ ৰাগিত মাতাল নহৈ
এটি নতুন দিনক আদৰি আনিম
প্ৰতিটো নতুন পোৱাই
উপহাৰ দিব এটি সুখৰ হাঁহি
বুকুৰ গোপন সপোনবোৰ
বাস্তৱত সজাই আদৰি আনিম
অপেক্ষা আৰু আশাৰে
এটি নতুন বছৰৰ নতুন দিনলৈ ।।

অনুভৱ-Rajeev Das

অনুভৱ ..
প্ৰাপ্তিৰ । নতুন বছৰৰ
হেপাহৰ ঘৰ..
প্ৰেম । নতুন সংকল্পৰ
যান্ত্ৰিক জীৱন..
সময় । ব্যস্ততাৰ
আৰু মই.

তোমাৰ গানৰ ঝংকাৰ-Rumi Nath

 
তোমাৰ গানৰ ঝংকাৰ
''''''''""""""""""""""""""""""
অনুপম ঝংকাৰ তোমাৰ গানৰ
মই শুনিছিলোঁ
মোৰ প্ৰথমটো জোনাকী ৰাতিত ।
সেই নিশাৰ পৰাই
মই চঞ্চলা হ'লো ।
উৰু উৰু কৰি থকা মনটো
এতিয়া ক'ব নোৱাৰাকৈয়ে উৰি যায় ।
সোমাই পৰে তোমাৰ গানত
উটি ভাঁহি যাও ঝংকাৰত ।
সেয়া যেন আন এক
বিপুল কুসুমৰ সৌষ্ঠৱ পৃথিৱী ;
উদ্দীপিত হ'ব খোজে প্ৰেম
পাহৰি যাও আৱাস , যাতনা ।
আপোন পাহৰা হৃদয়ৰ
কেচাঁ কলিজাত আন এক
প্ৰগাঢ় তৰঙ্গৰ অনুভৱ হয়....।
Rumi Nath---01/01/2017
LikeShow More Reactions
Comment

চিন্তন-Juli Saikia


*** চিন্তন***
"প্ৰকৃত প্ৰেম বৰণহীন আৰু শব্দহীন"
নিশ্বাসৰ দৰে
নিশব্দে বিচাৰি ফুৰে
শব্দ , বৰ্ণ আৰু পোহৰৰ উৎস।
ই হৃদয়ত হে দস্তক দিয়ে,
শৰীৰত নহয় ।।
********************✍ জুলী শইকীয়া ।
০২/০১/২০১৭
**************

.....বিদায়ী গদ্য.....Madhurjya Gogoi


.....বিদায়ী গদ্য.....
স্বপ্নহীন ৰাতিবোৰ মচি দিয়া স্বপ্ন আছিলা...
ভাগৰুৱা দিনৰ কবিতা...
যেন ফুলি উঠা প্ৰভাতী ৰঙ...
মোৰো নাছিল কোনো আয়োজন...
অচিনাকী সুৰ...
কিদৰেইবা কথাৰে সজাও !...
এপল দুপলৰ মাথোন
ৰাগ,,, আলাপ,,, অলঙ্কাৰ...
পুৱাত পূৰ্বী...
সন্ধিয়াত বিষন্ন তোড়ী...
সময়ৰ সতে উৰুৱালো হৃদয়ৰ কঁহুৱা...
শুভ্ৰতা মোৰ বেদনা নহয়,
সুভকামনা...
তোমাৰ জীৱনলৈ নামি অহা পোহৰ তৰংগ...