Thursday, 5 January 2017

অপেক্ষা আৰু কিছু আশা-S Panku Priyam Barhoi

অপেক্ষা আৰু কিছু আশা
✍পংকু প্ৰিয়ম বাঢ়ৈ
অহাৰ বাটেৰে যাবগৈ
এদিন আদৰি অনা সময়বোৰ
অতীত হোৱা সময়বোৰত
ঘুৰি চোৱা নহল ভূল কত কৰিলো
সময়ৰ বোৱতি নদীত আকৌ
এটি নতুন ঘাটে যাব জীৱন দিঙা
এৰি যোৱা সময়বোৰত পোৱা
সুখ-দুখৰ হিচাপ আজিও নকৰো
ব্যস্ত হৈ পৰিম মাথো আজি
সন্ধ্যাৰ কানিমুনি আন্ধাৰ হোৱালৈ
নতুনক আদৰাৰ প্ৰস্তুতিতকৈ
আগ্ৰহ বেছি সুৰাৰ জুতি লবলৈ
এনেকৈ আহিব নতুন সময়
মাথো কেলেণ্ডাৰখন সলনি হব
বন্ধুৰ পৰা বাৰ্তা আহিব
শুভকামনাৰে সকলো ভৰি পৰিব
সঁচাকৈয়ে আহে জানো
পৰিকল্পনাহীন সময়ত সুখৰ বাৰ্তা
সাধাৰণ এটি জীৱন মোৰ
বৰ বেছি পোৱাৰ হাবিয়াস নাই
যুঁজি আছো মাথো সময়ৰে
সাধাৰণ ভাবে জীয়াই থাকিবলে
এইবাৰ সলনি হব সময়
পৰিকল্পনাৰে আগুৱাম দিনবোৰ
আজি গতানুগতিক নহয়
সন্ধ্যা পোহৰলৈ অপেক্ষা কৰিম
সুৰাৰ ৰাগিত মাতাল নহৈ
এটি নতুন দিনক আদৰি আনিম
প্ৰতিটো নতুন পোৱাই
উপহাৰ দিব এটি সুখৰ হাঁহি
বুকুৰ গোপন সপোনবোৰ
বাস্তৱত সজাই আদৰি আনিম
অপেক্ষা আৰু আশাৰে
এটি নতুন বছৰৰ নতুন দিনলৈ ।।

No comments:

Post a Comment