Thursday, 24 November 2016

আকৌ হেপাহ ভৰায় জীৱন জীয়াম - Dhan Kalita

আকৌ হেপাহ ভৰায় জীৱন জীয়াম তৃষ্ণাতুৰ লগন জীৱনভৰি পিম বাৰে বাৰে প্ৰেমত পৰিম জীৱনৰ অনন্ত সত্বাৰ অনুভৱত জাগতিক হ’ম সদা-চলন্ত ঋতু হ’ম বছৰে বছৰে কুঁহিপাত লৈ অনন্ত কাললৈ ন-জীৱন ধৰিম ধাৰণ কৰিম সেউজীয়া বিলাই দিম জন্মস্বত্বৰ চৰ্তহীন স্বত্ব আৰু ….. , আৰু অৱশেষহীন শেষত ক’ম সেউজীয়াৰেইতো ভৰি থাকে এই ধৰা যাৰ বাবেই মৃত্যু ঘটে একোটা ঋতু যাৰ বাবে আয়োজন চলায় আকাশে যাৰ বাবে ধুমুহাৰ সৃষ্টি কৰে বতাহে সেই সেউজীয়া …………………………… সেই সেউজীয়া …………………………….

" তোমাৰ অকবিৰ কবিতা " - Rumi Nath

" তোমাৰ অকবিৰ কবিতা " হিম যেন চেচা চেচা শীতৰ নিশা লিখিছো মই অকবিয়ে কবিতা । কপা কপা আঙুলিৰে তুমি যোৱাৰ বাটলৈ চাই । সৌ আকাশে মেঘৰ উৰণি টানিলে আকৌ বৰষুণ বানে গৰকা হিয়াত । শব্দবোৰ দেখো দূৰতে ভাহি উঠিছে ধুমুহাৰ গতিত আহি আকৌ মোৰ বুকুতে খুন্দিয়াইছে । লিখিব লওতেই চকুপানীবোৰে চোৱাচোন কিদৰে বাট ভেটিছে বৰ আমনি কৰিছে । কিমান যে কষ্ট হৈছে এই অকবিৰ তোমাৰ নামেৰে কবিতা লিখিব । পাৰি জানো এতিয়াৰ গধুৰ বেদনাৰে অতীতৰ মধুৰ ছবি আঁকিব !!! ✏.....ৰুমী নাথ ।

ঈশ্বৰপুত্ৰ আৰু মই - Moukuhi Saikia

ঈশ্বৰপুত্ৰ আৰু মই -------------------------------- সূৰুযৰ বাট কাটি যিটো পথেদি তেওঁ সোমাই আহিছিল মোৰ বুকুলৈ ইমানদিনে সেই বাট অন্ধকাৰ অস্পষ্টতাত ডুব গৈ আছিল । গৰখীয়া বাঁ‌হীৰ সুৰ এটিৰ দৰে ৰৈ ৰৈ বাজি উঠা বিষাদ এমোকোৰাই তুমৰলি দিওঁ‌তে যিদিনা মই কক্ষচ্যুত হৈছিলো, বৃত্তৰ পৰা বৃত্তৰ পৰিধি বগাই দীঘলীয়া হৈ উঠা তেওঁৰ প্ৰাৰ্থনাৰ সুৰবোৰে মোক জীৱন বিলাসী কৰি তুলিছিল---- মই যুঁ‌জিছিলো নীতিৰ বিৰূদ্ধে। তেওঁ দি যোৱা সুৰতে বন্দী হৈ সভ্যতাৰ ভগ্নস্তূপত থিয় দিওঁ‌ এক স্থিতপ্ৰজ্ঞৰ দৰে প্ৰাপ্তিৰ আকাংক্ষাত উদ্বাউল হৈ উঠা মইয়েই সেই চিৰ প্ৰবাহিনী নদী আৰু তেওঁ মোৰ অন্তহীন প্ৰেমৰ পৰম আকাংক্ষিত ঈশ্বৰপুত্ৰ।

Wednesday, 23 November 2016

তৃতীয় লিংগ-পাৰ্থ প্ৰতিম কলিতা



তৃতীয় লিংগ
___________
ঋণস্বীকাৰ : মিনুৰেখা গগৈ
***********************
আমি কি?
জীৱনৰ জীয়া অভিশাপ
শব্দ ব্ৰহ্মাত্বৰ পাক লগা নষ্ট জোঁট ?
আমিও মানুহ
বুকুত ভাঁজত ঠাক ঠাক অকট্য সত্য
চুঙা বাদুলীৰ দৰে তাতেই ওলমো
অলিয়ে গলিয়ে
বিচাৰি ফুৰো বিচাৰি
ক'ত আছে আৰ'ৱান
আমাৰ এনিশাৰ প্ৰেমিক
আমাৰ স্বপ্নৰ চৌপাশত হেজাৰ দুঃস্বপ্ন
নগ্ন দুহাতত তিতা তিতা সময়
সময়ৰ বুকুত মঞ্চায়ন প্ৰতিদিন
হিংস্ৰ ভোকৰ তাণ্ডৱ নৃত্য
আইৰ পিয়াহ পি উমাল নোহোৱা দুওঁঠ আমাৰ
তাতেই লগাওঁ ৰঙা ৰঙা তেজ
বেনী গুঠা চুলিৰ ভাঁজত দুখৰ সমাধি
আজিকালি বাটৰ দেওঁলগা কুকুৰেও চিনি পোৱা হ'ল
লাজ নালাগে আজিকালি
অন্তৰ্বাসৰ ফিটা লগোৱাৰ পৰত
অস্থিৰতাক দমন কৰি দুহাত পাতি লওঁ
আপোনাৰ অনিচ্ছাৰ শুভ-ইচ্ছা
আমাৰ শৰীৰৰ হাড়ে হাড়ে
তেজৰ প্ৰতি কোণত অস্পৃশ্য বীজ
আমাক হিজিৰা নক'ব
আমি তৃতীয় লিংগী ।
✍�পাৰ্থ
LikeShow More Reactions
Comment

মই ৰত্নগৰ্ভা-Minu Das



মই ৰত্নগৰ্ভা
মই কন্যাপ্ৰসৱিনী।
ময়েই খনিকৰ
মোৰ নিপুন হাততেই প্ৰাণ পায়
মানৱী পুতলাই,
জীৱন গঢ়াৰ সৃষ্টিৰ সংগীত
মোৰেই মন্ত্ৰনাত গায়।
মোৰ দুৰ্দান্ত সহাস বুটলি
ধুমুহাক কৰে জয়,
মোৰ কোমল পৰশত
মাধুৰী সাৱটি লয়।
মোৰেই ভংগীত নাচিব
ত্ৰিনয়ন তাণ্ডৱ,
বজ্ৰসম দৃষ্টিৰে ৰোধিব
অপসংস্কৃতিৰ প্ৰৱাহক।
মই ৰত্নগৰ্ভা
কাৰণ মই কন্যাপ্ৰসৱিনী। ********
( কন্যাপ্ৰসৱিনী সকলো মাতৃৰ হাতত মোৰ অনুভৱক অৰ্পণ কৰিলোঁ।)
LikeShow More Reactions
Comment

নীল স্বপ্নৰ অস্তিত্ব আৰু নাই--Rumi Nath

  
"নীল স্বপ্নৰ অস্তিত্ব আৰু নাই"
""""""""""""""""""""""""""""""""""
আকাশৰ কোনোবা সুৰুঙাৰে সৰকি
পৰিছিল ছাগে ;
মিঠা মিঠা পল
মিঠা মিঠা কথা
মিঠা মিঠা অনুভৱ ইত্যাদিবোৰ ।
তুমি ঠিকেই কৈছিলা পাগল প্ৰেমিক মই
আকাশৰ নীলাখিনি চাই
শান্তি লভিব নোৱাৰো
চেষ্ঠা কৰো তোমাৰ গালে মুখে
সেই নীলাখিনি সানিবৰ ।
কিন্তু ! কি কৰিবা....ভবাই নাছিলো
সেই নীলাখিনি তোমাত সানিবলৈ গৈ যে
মোৰ হাত দুখন এদিন ব্যৰ্থ হ'ব ।
✏....ৰুমী নাথ
LikeShow More Reactions
Comment

তুমি আহিলা...Madhurjya Gogoi




তুমি আহিলা...
দুবৰীবোৰ নিয়ৰত জিলিকিলে...
তুমি গ'লাগৈ...
ৰাতিয়েও সপোন সামৰিলে...
প্ৰেম এক কক্ষপথ...
পুৱাটোৱে আকৌ আদৰিলে
সৰি পৰা শেৱালী...
LikeShow More Reactions
Comment