বাট
তেওঁৰ পৰা এটা বাট বিচাৰি
ৰৈ আছিল
এজাক মানুহ ,
তেওঁৰ হাতত ধৰি
আগুৱাব খোজা
মানুহজাক থমকি ৰ'ল !
তেঁওৰ হাতৰ মুঠিত
সেউজীয়া ঘাম
নিলাম হোৱা
এখন হাট !!!
সেই হাটতেই
তেওঁৰ বাটৰ শেষ !!!
তেওঁৰ আহ্বানত
বাটৰ সৰু বৰ সৰহীয়া
হাতেই এতিয়া
হাটখনৰ পুতলা হৈ
পিয়াপি দি ফুৰিছে ।
নিজক হেৰুওৱাৰ আশংকাত
অপেক্ষাৰত মানুহজাক
পুনৰ উভতি আহিল
…………………………………
উপেক্ষিত পৃথিৱীখনলৈ ।।

No comments:
Post a Comment