তেওঁৰ পৰা এটা বাট বিচাৰি
ৰৈ আছিল
এজাক মানুহ ,
তেওঁৰ হাতত ধৰি
আগুৱাব খোজা
মানুহজাক থমকি ৰ'ল !
তেওঁৰ হাতৰ মুঠিত
সেউজীয়া ঘামৰ
নিলাম হোৱা
এখন হাট !!!
সেই হাটতেই
তেওঁৰ বাটৰ শেষ !!!
তেওঁৰ আহ্বানত
বাটৰ সৰু বৰ সৰহীয়া
হাতেই এতিয়া
হাটখনৰ পুতলা হৈ
পিয়াপি দি ফুৰিছে ।
অপেক্ষাৰত মানুহজাকে
নিজক হেৰুওৱাৰ আশংকাত
পুনৰ উভতি আহিল
…………………………………
উপেক্ষিত পৃথিৱীখনলৈ ।।
No comments:
Post a Comment