কৃত্ৰিম আলিংগনত অন্ধ মহানগৰখনো
ৰিক্ত হৈ পৰে
নিৰাভৰণ বুকুৰ হেঁপাহ চুপিবলৈ নাপায়
গলিবোৰ মুৰ্চা খাই পৰি ৰয়
বহুজাতিক প্ৰতিষ্ঠানৰ হাৱা (বায়ু) ভৰোৱা
ৰঙীন কাৰবাৰ দেখি
দাষ্টবিনবোৰে উপৰ্যুপৰি হাঁহে
কিয়নো , সিহঁতেহে যে প্ৰকৃততে জানে
অট্টালিকাবোৰত কিদৰে ব্যৱহৃত হয়
অস্বাস্থ্যকৰ সামগ্ৰীৰ নিত্যব্যৱহাৰ
ফাপৰে খোৱা কুকুৰটোৱে সেই কৰুণ ব্যথা চোবাই চোবাই বহি থাকে
সদাব্যস্ত পদপথত
য’ত সুসজ্জিত সভ্যসকলৰ চকু নাযায়
………...সুসন্ধ্যা আটাইলৈ ……..

No comments:
Post a Comment