জোনাক লৈ অনুৰাধা ৰৈ আছে
'জোনাক লৈ অনুৰাধা ৰৈ আছে' A NICELY WEAVED SILK OF WORDS BY Chiranjib Bhuyan
জোনাক লৈ অনুৰাধা ৰৈ আছে
''''''''''''''''''''''''''''''''''''''''''''''''''''''''''''''''''''''''''''''''''''
কাব্যিকতা জ্বলাই দিম কোনোবা শ্মশানত !!
জীৱন সুন্দৰ... তাণ্ডৱ মোৰ মহাদেৱৰ।
দিছাংত কিবা দেওঁ লাগে.. ক্ৰোধিত তানপুৰা আৰু ভালপোৱা..
চাওলুং চুকাফা মৌনতাত বুৰ নাযায়।
মাজনিশাৰ জুনুকাৰে দেৱদাসী ধুনীয়া কিন্তু আধৰুৱা !
জীৱন সুন্দৰ... তাণ্ডৱ মোৰ মহাদেৱৰ।
দিছাংত কিবা দেওঁ লাগে.. ক্ৰোধিত তানপুৰা আৰু ভালপোৱা..
চাওলুং চুকাফা মৌনতাত বুৰ নাযায়।
মাজনিশাৰ জুনুকাৰে দেৱদাসী ধুনীয়া কিন্তু আধৰুৱা !
মাতাল কিছু অশ্লীলতা বৰ্জন কৰি জোনাক শুই আছে,নুঠাবা !!
ৰংঘৰ কাৰেংঘৰত মায়া হয় ৰূপহী।
জুইবোৰ সতী জয়াৰ বাবে আবেগিক...!
খুলি ভাঙি ছিঙি শামুকৰ খোলা, নিবিৰ প্ৰনয়ৰ কিংবদন্তি বলীয়া ..!!
ৰংঘৰ কাৰেংঘৰত মায়া হয় ৰূপহী।
জুইবোৰ সতী জয়াৰ বাবে আবেগিক...!
খুলি ভাঙি ছিঙি শামুকৰ খোলা, নিবিৰ প্ৰনয়ৰ কিংবদন্তি বলীয়া ..!!
তোমাৰ হিয়া নামৰ এখন নদী, . বনজুইত মোৰ কবিতা বোৰ ...নজ্বলে।
প্ৰেমৰ ভেম তোমাৰ, হত'বাক নীলা কৃষ্ণচূড়া..
আদম ইভ ভুল নাছিল তো, অবিশ্বাস্য !!
ক্ৰছবিদ্ধ মোৰ যিশু, ক্ৰমে নিস্তব্ধ নিসংগ, দুৰনিত কবি নিশ্চুপ।
প্ৰেমৰ ভেম তোমাৰ, হত'বাক নীলা কৃষ্ণচূড়া..
আদম ইভ ভুল নাছিল তো, অবিশ্বাস্য !!
ক্ৰছবিদ্ধ মোৰ যিশু, ক্ৰমে নিস্তব্ধ নিসংগ, দুৰনিত কবি নিশ্চুপ।
বজাৰত প্ৰেম , হাতত বন্দুক , নিৰ্মাণ হয় বাৰুদ , পৈশাচিক... ।
কৱৰত শুই ৰওঁ আমিবোৰ,.... নষ্ট... জোনাকৰে কবি !!
তেজশোহা বাদুলী ক্ৰম'বিকাশিত...
তেজত তৰোৱাল নেজীয়া পখিলা বৰ্ব্বৰ.. জটিল, অভিশপ্ত।
কৱৰত শুই ৰওঁ আমিবোৰ,.... নষ্ট... জোনাকৰে কবি !!
তেজশোহা বাদুলী ক্ৰম'বিকাশিত...
তেজত তৰোৱাল নেজীয়া পখিলা বৰ্ব্বৰ.. জটিল, অভিশপ্ত।
জোনাক তন্দ্ৰাহীন'তাৰ অন্য নাম, তুমি আজিও নাজানিলা ...!!
অনুৰাধা,... পপীয়া তৰাৰ সাধু তুমি নুবুজিবা..!
এৰা তুমি নুবুজিবা।
অনুৰাধা,... পপীয়া তৰাৰ সাধু তুমি নুবুজিবা..!
এৰা তুমি নুবুজিবা।
CHIRANJIB BHUYAN

No comments:
Post a Comment