মই নজনা আখৰৰে কবিতা এটি লিখিছো
তোমাৰ প্ৰতি থকা অনুভৱক সাৰথি কৰি
চাবাচোন পঢ়ি
কিজানিবা পোৱাই বিছাৰি
পোৰা কলিজাৰ ৰং ও সুৰভি
নক’বা তুমি
নাজানো বুলি
মোৰ আখৰৰ জোঁটনি
মই যে দেখিছো তোমাৰ
চকুৰ চাৱনি
হেঁপাহত বুলোৱা আশাৰ ৰেঙনী
তেন্তে
কিয়নো নাজানিবা
মোৰ আখৰৰ ভাঙনি
( বেয়া নাপালে এটা কাম কৰক , ভুল হোৱা শব্দবোৰ {আক্ষৰিক অৰ্থত} আপুনি শুদ্ধ কৰি লওঁক । অনুভৱৰ ভুল মই বিচাৰ কৰিম !! )
No comments:
Post a Comment