Tuesday, 1 November 2016

এদিন মই আপোনাৰ চহৰলৈ যাম-Anupam Das Babakon

PUBLISHED IN THE ASSAMESE DAILY 'DAINIK ASSAM' ON 9TH OCT "এদিন মই আপোনাৰ চহৰলৈ যাম' A POETIC MASTERPIECE BY SO TALENTED ANUPAM DAS BABAKON

Anupam Das Babakon
1 hr
দৈনিক অসমত প্ৰকাশ পাইছিল ন অক্টোবৰত ৷ মই কবিতা ভালপোৱা বন্ধুবান্ধৱীলৈ আগবঢ়ালো ৷
আশাকৰো ভাল পাব ৷
এদিন মই আপোনাৰ
চহৰলৈ যাম
===============
স্ফটিকৰ দৰে টলমলাই থকা
উজ্জ্বল দিন এটাত
মই সেই প্ৰাচীন চহৰলৈ যাম
নিজকে লৈ ব্যস্ত থকা মানুহবোৰৰ মাজত
মই পদব্ৰজে ভ্ৰমণ কৰিম
মৰা শেলুৱৈয়ে ক’লা কৰা
শিলৰ তোৰণবোৰ
মই হিচাপ কৰি চাম
গণি চাম আঙুলিৰ মূৰত
বিধস্ত মন্দিৰৰ দুৱাৰ মুখলৈকে থকা
খটখটীবোৰ
খোজকাঢ়ি ভাগৰ লাগিলে
জিৰাবলৈ বহিম
অ’ত ত’ত পৰি থকা মূক শিলাখণ্ডত
হয়তো আপুনি মোক দেখিব পাৰে
সভ্যতাই কোঙা কৰা নীৰৱ গ্ৰন্হাগাৰত
অথবা
বিশাল নদীয়ে এৰি যোৱা
মৰা বালিৰ মাজত
য’ত মই বিচাৰি থাকিম
আপোনাৰ চহৰৰ মাত
পকা থেকেৰাৰ দৰে বেলিটো
পাহাৰৰ সিপাৰে সৰি নপৰা লৈকে
মই ঘূৰি ফুৰিম
আপোনাৰ চহৰত
অকলে অকলে

No comments:

Post a Comment