Wednesday, 23 November 2016

মাজনিশা-S Panku Priyam Barhoi

মাজনিশাৰ আন্ধাৰে আবৰা
মোৰ মনৰ পদুলিত
শুকাই পৰিল শেৱালি
বুকুৰ মাজত লৈ ফুৰা দুখটো
নজনাকৈ দেখোন আজি
চকুলো হৈ বাগৰিল
বিশ্বাসৰ অভাৱত অভাবি নে
অভিনয়ত পাৰ্গত তুমি
মইহে নুবুজিলো আজি
কিয় আহিছিলা মোৰ জীৱনলৈ
শাওনৰ এজাক বৰষুণ হৈ
মোক জীপাল কৰিবলৈ
কিয় আঁকিছিলা দুচকুত সপোন
এনেকৈ ভঙা সপোনৰ মাজত
মোক এৰি ৰং চাবলৈ
ভুল মোৰ তোমাক ভালপোৱাৰ
ভুল মোৰ হৃদয়ৰ
তোমাক সাবটি লোৱাৰ
পাগলৰ দৰে মাথো বিচাৰিলো
এবুকু সঁচা মৰম আৰু
তোমাৰ সঁচা ভালপোৱা
কিন্ত আজি তুমি দি গলা
আজীৱন পাহৰিব নোৱাৰা
এবুকু জীয়া বেদনা
এতিয়া মই জ্বলিছো নিজে
বিৰহৰ জ্বলা জুইত
নিজৰ ভুলত
এদিন তুমিও জ্বলিবা এনেকৈ
সেইদিনা বুজিবা তুমি
পাই হেৰুৱাৰ বেদনা ।।
LikeShow More Reactions
Comment

No comments:

Post a Comment