কবিতা নহয়:-------
মইবিহীন নিশা যাপন কৰা তোমাৰ সুখনিদ্ৰাত
সপোন-শেতেলিৰ ৰঙীন বে’দক’ভাৰৰ ওপৰত
কৌশলৰ নিহালিখন টানি লোৱা গায়ে-মুৰে
তথাকথিত অবাঞ্ছিত প্ৰশ্নৰ জাৰ নলগাকৈ
মিথ্যাচাৰৰ আঠুৱাখন তৰি ল’বা
প্ৰাসংগিক সত্যতাপূৰ্ণ কথাই ভোংভোঙাব নহ’লে
টোপনি নাহিলে মোক জগৰীয়া নকৰিবা
আলস্যতা ভঙাৰ নিয়ম যে নাই মোৰ
টোপনি যোৱা , টোপনি যোৱা
এঘুমতিয়ে আনক তোমাৰ সজীৱতা
তুমিতো জানাই,
তোমাৰ সজীৱতাতহে মোৰ প্ৰাণ
তোমাৰ উদ্দিপিত জীৱনতহে মোৰ জান
টোপনি যোৱা , টোপনি যোৱা………..





