Sunday, 30 October 2016

YET TO BE NAMED-Rumi Nath

YET TO BE NAMED A SOULFUL POEM WRITTEN BY RUMI NATH. IT IS UPLOADED AS LIKE IT APPEARS ON THE SCREEN OF FACEBOOK

শাৰদী পুৱাৰ ৰ'দালিত
এৰি দিলো
তোমালৈ থকা মৰমবোৰ ।
তুমি বুজিছানে নাই
ক'ব নোৱাৰো !
তোমাক এৰি জীয়াই থকাৰ
কথা ভাবিলেই
উশাহ ল'বলৈ বৰ কষ্ট পাওঁ
জানা.,
তথাপিও হৃদয়খনে আজি
তোমাৰ পৰা আঁতৰি আহিবলে
বাৰে বাৰে কৈ আছে ।
কিয় হয়তো সেয়া
তুমিও বুজিছা !
পাৰিলে পাহৰি পেলাবা
সেইদিনবোৰ ।
তোমাৰ মোৰ ভালপোৱাবোৰ ।
এটা মধুৰ নিশাৰ সপোন আছিল
বুলি ভাবি
এবাৰ মিচিকিয়াই হাহিবা
আৰু তোমাৰ সেই হাহিৰে
মই জীয়াই থাকিব শিকিম ।
আবেগিক হৈ নপৰিবা
এবাৰ মনটোক বুজাবলৈ
চেষ্টা কৰিবা
ক'ৰবাতটো আমি ভুল কৰিছো ।
.....ৰুমী নাথ ।

LikeShow more reactions
Comment
Comments
Pranay Dekaraja Eman dhuniya likhisa o....
LikeReply131 mins
Rumi Nath বহুত ধন্যবাদ Pranay Dekaraja
LikeReply26 mins
Bhaskar Deka Moi eitu mor, blogot upload koribo parim ne. My blog iswww.fbkobita.blogspot.com

FBKOBITA.BLOGSPOT.COM|BY BHASKAR DEKA
Rumi Nath নিশ্চয় পাৰিব ।
LikeReply18 mins
Bhaskar Deka thank you

পাপ-Himangshu Prasad Das


'#পাপ

তোমাৰ ইশ্বৰে জীৱনৰ কোনটো ঘাটৰ পৰা পাপৰ হিচাব ৰাখে 
কিমান বয়সৰ পিছত দোষবোৰ পাপ হৈ ধৰা দিয়ে 
ভুলবোৰ কেতিয়ালৈ হৈ থাকে নিৰ্দোষ ধেমালি 
ভুলবোৰ কেতিয়ালৈ হৈ থাকে উৎস হাঁহিৰ

সৰুতে গাভৰু ছোৱালী এজনীলৈ আঙুলিয়াই কৈছিলোঁ 
বিয়া কৰালে এইজনীকে কৰাম
হাঁহিত ফাটি পৰিছিল মা-দেউতা আটাইবোৰ 
বিশ্বাস কৰা, প্ৰেম কি মই বুজা নাছিলোঁ তেতিয়া 
বুজা নাছিলোঁ যৌনতা অথবা গাৰ্হস্থ্য জীৱনৰ মায়া

এৰাল ছিঙা বয়সত তোমাক ভালপাওঁ বুলি ক'লো
খঙত ৰঙা-ছিঙা পৰিছিলা তুমি 
লাজত কিয় নপৰিলা ৰঙা-ছিঙা!
গালি দিছিলা তুমি মোক 
উচাট মাৰি গুচি গৈছিলা
হাঁহি কিয় নিদিলা!
সেই হাঁহি যি মোৰ মা-দেউতাৰ ওঁঠত উলমিছিল

প্ৰথম মই কি দোষ কৰিছিলো জীৱনত 
লোকৰ বাৰীৰ পৰা আম পাৰি আনোতে
নে তোমাৰ বুকুৰ জেওৰা পাৰ হৈ হৃদয় চুৰ কৰিবলৈ যাওঁতে 
চুৰ কৰি ধৰা পৰাৰ বাবেইতো চেকনীৰে দেউতাই ফালিছিল মোৰ পিঠি 
ঘৃণাটো নাছিল তাত!

তোমাৰ বুকুৰ জেওৰা ভাঙোতে বেইজ্জত কৰিছিলা মোক 
তোমাৰ তীক্ষ্ণ শব্দৰ আঘাতেৰে বিধ্বস্ত কৰিছিলা মোক 
চেকনীৰ কোবতকৈও দুখদায়ক আছিল যি

তুমি ক'বা নেকি 
জনাবা নেকি মোক 
কিমান বয়সৰ পিছত শাস্তিবোৰ হৈ উঠে আৰু বেছি যন্ত্ৰণাদায়ক
আৰু বেছি গভীৰ হৈ আহে দুখৰ অনুভৱ।।

হিমাংশু প্ৰসাদ দাস✍'

'পাপ' THE FOLLOWING POEM IS WRITTEN BY HIMANSHU PRASAD DAS , POPULAR DRAMA ARTIST,DIRECTOR,PRODUCER OF ASSAM
#পাপ
তোমাৰ ইশ্বৰে জীৱনৰ কোনটো ঘাটৰ পৰা পাপৰ হিচাব ৰাখে
কিমান বয়সৰ পিছত দোষবোৰ পাপ হৈ ধৰা দিয়ে
ভুলবোৰ কেতিয়ালৈ হৈ থাকে নিৰ্দোষ ধেমালি
ভুলবোৰ কেতিয়ালৈ হৈ থাকে উৎস হাঁহিৰ

সৰুতে গাভৰু ছোৱালী এজনীলৈ আঙুলিয়াই কৈছিলোঁ
বিয়া কৰালে এইজনীকে কৰাম
হাঁহিত ফাটি পৰিছিল মা-দেউতা আটাইবোৰ
বিশ্বাস কৰা, প্ৰেম কি মই বুজা নাছিলোঁ তেতিয়া
বুজা নাছিলোঁ যৌনতা অথবা গাৰ্হস্থ্য জীৱনৰ মায়া

এৰাল ছিঙা বয়সত তোমাক ভালপাওঁ বুলি ক'লো
খঙত ৰঙা-ছিঙা পৰিছিলা তুমি
লাজত কিয় নপৰিলা ৰঙা-ছিঙা!
গালি দিছিলা তুমি মোক
উচাট মাৰি গুচি গৈছিলা
হাঁহি কিয় নিদিলা!
সেই হাঁহি যি মোৰ মা-দেউতাৰ ওঁঠত উলমিছিল

প্ৰথম মই কি দোষ কৰিছিলো জীৱনত
লোকৰ বাৰীৰ পৰা আম পাৰি আনোতে
নে তোমাৰ বুকুৰ জেওৰা পাৰ হৈ হৃদয় চুৰ কৰিবলৈ যাওঁতে
চুৰ কৰি ধৰা পৰাৰ বাবেইতো চেকনীৰে দেউতাই ফালিছিল মোৰ পিঠি
ঘৃণাটো নাছিল তাত!

তোমাৰ বুকুৰ জেওৰা ভাঙোতে বেইজ্জত কৰিছিলা মোক
তোমাৰ তীক্ষ্ণ শব্দৰ আঘাতেৰে বিধ্বস্ত কৰিছিলা মোক
চেকনীৰ কোবতকৈও দুখদায়ক আছিল যি

তুমি ক'বা নেকি
জনাবা নেকি মোক
কিমান বয়সৰ পিছত শাস্তিবোৰ হৈ উঠে আৰু বেছি যন্ত্ৰণাদায়ক
আৰু বেছি গভীৰ হৈ আহে দুখৰ অনুভৱ।।

হিমাংশু প্ৰসাদ দাস

এটা চিন্তা কিছু কথা-Kushal Mirza‎

THE FOLLOWING POEM IS COMPOSED  AND PUBLISED  ON FACEBOOK ASLIKE  IT APPEARS BELOW BY KUSHAL MIRZA ALIAS KUSHAL KALITA AN EMMINENT YOUNG MUSIC COMPOSER OF ASSAM
নাজানো, কিমান সেউজীয়াৰে গাঢ় হয় বিশ্বাস
কিমান নীলাৰে গভীৰ হয় প্ৰেম.....
জীৱন, হয়তো শেষ হৈ গ'লহেতেন সিদিনাই
তুমি সেউজীয়া আঁচলেৰে ধাকি নিদিয়াহেতেন 
হৃদয়খন .....
চিগাৰেটৰ নীলা ধোৱাবোৰ ক্ৰমাৎ থিতাপী লৈছিল
মোৰ হৃৎপিণ্ডত ৷
তুমি কোন, কোন তুমি????
তুমি কৈছিলা - তুমি মই, মই তুমি ৷