'পাপ' THE FOLLOWING POEM IS WRITTEN BY HIMANSHU PRASAD DAS , POPULAR DRAMA ARTIST,DIRECTOR,PRODUCER OF ASSAM
#পাপ
তোমাৰ ইশ্বৰে জীৱনৰ কোনটো ঘাটৰ পৰা পাপৰ হিচাব ৰাখে
কিমান বয়সৰ পিছত দোষবোৰ পাপ হৈ ধৰা দিয়ে
ভুলবোৰ কেতিয়ালৈ হৈ থাকে নিৰ্দোষ ধেমালি
ভুলবোৰ কেতিয়ালৈ হৈ থাকে উৎস হাঁহিৰ
সৰুতে গাভৰু ছোৱালী এজনীলৈ আঙুলিয়াই কৈছিলোঁ
বিয়া কৰালে এইজনীকে কৰাম
হাঁহিত ফাটি পৰিছিল মা-দেউতা আটাইবোৰ
বিশ্বাস কৰা, প্ৰেম কি মই বুজা নাছিলোঁ তেতিয়া
বুজা নাছিলোঁ যৌনতা অথবা গাৰ্হস্থ্য জীৱনৰ মায়া
এৰাল ছিঙা বয়সত তোমাক ভালপাওঁ বুলি ক'লো
খঙত ৰঙা-ছিঙা পৰিছিলা তুমি
লাজত কিয় নপৰিলা ৰঙা-ছিঙা!
গালি দিছিলা তুমি মোক
উচাট মাৰি গুচি গৈছিলা
হাঁহি কিয় নিদিলা!
সেই হাঁহি যি মোৰ মা-দেউতাৰ ওঁঠত উলমিছিল
প্ৰথম মই কি দোষ কৰিছিলো জীৱনত
লোকৰ বাৰীৰ পৰা আম পাৰি আনোতে
নে তোমাৰ বুকুৰ জেওৰা পাৰ হৈ হৃদয় চুৰ কৰিবলৈ যাওঁতে
চুৰ কৰি ধৰা পৰাৰ বাবেইতো চেকনীৰে দেউতাই ফালিছিল মোৰ পিঠি
ঘৃণাটো নাছিল তাত!
তোমাৰ বুকুৰ জেওৰা ভাঙোতে বেইজ্জত কৰিছিলা মোক
তোমাৰ তীক্ষ্ণ শব্দৰ আঘাতেৰে বিধ্বস্ত কৰিছিলা মোক
চেকনীৰ কোবতকৈও দুখদায়ক আছিল যি
তুমি ক'বা নেকি
জনাবা নেকি মোক
কিমান বয়সৰ পিছত শাস্তিবোৰ হৈ উঠে আৰু বেছি যন্ত্ৰণাদায়ক
আৰু বেছি গভীৰ হৈ আহে দুখৰ অনুভৱ।।
হিমাংশু প্ৰসাদ দাস✍

No comments:
Post a Comment