Monday, 5 December 2016

আঘোণ-S Panku Priyam Barhoi




নিয়ৰ সনা সন্ধিয়া
পথাৰত দাৱনীৰ নাচোন
এইয়া যে হেপাহৰ আঘোণ
তোমাৰ ভাৱনাৰে ভৰা
মোৰ প্ৰতিটো নতুন পুৱা
সপোন হৈ দিয়া ধৰা
এজাক বৰষুণত তিতিম
মনৰ দুখবোৰ ধুই নিয়াকে
সুখক আদৰি আনিম
চোতালত সোণগুটি সৰিছে
মতা হাঁহৰে নসাজ খাবলৈ
আহা আঘোণতে এবাৰ
গাওঁৰ মানুহ যদিও সৰু
মনটো আকাশৰ দৰে বহল
তাতে লিখিছো তোমাৰ নাম
শীতৰ সেমেকা বতৰত
উলাই যাম একেলগে দুয়ো
জোনাকী পৰুৱাৰ দেশলে
সুভৰাত্ৰি

Like
Comment

No comments:

Post a Comment