নিয়ৰৰ টোপালে চুই যোৱা
    মোৰ হৃদয়ৰ দুৱৰি দৰাত
    হেৰাল এটি জোনাকী পৰুৱা 
    বন্ধ কোঠাটোৰ আন্ধাৰত 
    মাজনিশা উচুপি উঠে
    সপোন সপোন লগা বাস্তৱে
    অনুভূতি বোৰ বুকুতে ৰয়
    এখন বোৱতি নদীৰ দৰে
    মাথো নীৰৱে বৈ যায় 
    আশা ভৰাল এতিয়া উদং 
    হেপাহবোৰ উৰুৱাই দিলো
    অচিন দেশলৈ ঘূৰি নহাকৈ
    আজি আৰু নুশুনো সেই গান 
    জীৱন নহয় এখন নিৰৱ নদী
    জীৱন মাথো দুখৰ এখন ছবি ।।
 
 
No comments:
Post a Comment