বোকাই ধূলিয়ে
দৌৰি ভাগৰি আহি
তোৰ বোকোচাত শুইছো ।
নাজানো, সাৰে নৰখাকে
মোক কঢ়িয়াই
আমাৰ বাবে
কিমানলৈ যে তই
আগুৱাই গৈ থাক !
কষ্ট হৈছে নেকি আই ?
তোৰ মৰমত
ততেই নাথাকে নহয়
কেতিয়ানো সাৰ পাও !!
বুজো !! আই ,
ক্ষুধাই আমনি নিদিয়ালৈকে তই
জগাই নিদিয় ।
জানোচা উমলিব গৈ
তোৰ বোকোচালৈ
কাহানিও ঘূৰি নাহো !!
শুনিছো, আমি লোৱা উশাহেৰে
বৰবিষ বিয়পি সম্পৰ্কবোৰো
দুৰাৰোগ্য কৰি আনিছে ।
আমাৰ ঘৰবোৰ ভ্ৰষ্ট বতাহত
উৰি যোৱাৰ ভয়ক ঠাই নিদিবি আই ।
বিশ্বাস ৰাখ ,
আমি আমৰণ
ঈশ্বৰৰ অস্তিত্ব জীয়াই ৰাখি
নিৰাপদে থাকিম
তঁহতৰ বুকুৰ মাজত ।
সাৰ পালেই বোকোচাৰ পৰা নামি
আকৌ ধূলিময় হৈহে
তোৰ কাষলে দৌৰি আহিম !!
দৌৰি ভাগৰি আহি
তোৰ বোকোচাত শুইছো ।
নাজানো, সাৰে নৰখাকে
মোক কঢ়িয়াই
আমাৰ বাবে
কিমানলৈ যে তই
আগুৱাই গৈ থাক !
কষ্ট হৈছে নেকি আই ?
তোৰ মৰমত
ততেই নাথাকে নহয়
কেতিয়ানো সাৰ পাও !!
বুজো !! আই ,
ক্ষুধাই আমনি নিদিয়ালৈকে তই
জগাই নিদিয় ।
জানোচা উমলিব গৈ
তোৰ বোকোচালৈ
কাহানিও ঘূৰি নাহো !!
শুনিছো, আমি লোৱা উশাহেৰে
বৰবিষ বিয়পি সম্পৰ্কবোৰো
দুৰাৰোগ্য কৰি আনিছে ।
আমাৰ ঘৰবোৰ ভ্ৰষ্ট বতাহত
উৰি যোৱাৰ ভয়ক ঠাই নিদিবি আই ।
বিশ্বাস ৰাখ ,
আমি আমৰণ
ঈশ্বৰৰ অস্তিত্ব জীয়াই ৰাখি
নিৰাপদে থাকিম
তঁহতৰ বুকুৰ মাজত ।
সাৰ পালেই বোকোচাৰ পৰা নামি
আকৌ ধূলিময় হৈহে
তোৰ কাষলে দৌৰি আহিম !!


No comments:
Post a Comment