Wednesday, 7 December 2016

এগৰাকী ধৰ্ষিতাৰ মৰ্ম্মকথা--পাৰ্থ প্ৰতিম কলিতা

এগৰাকী ধৰ্ষিতাৰ মৰ্ম্মকথা
০০০০০০০০০০০০০০
(সম্পৰ্কীয়ৰ দ্বাৰা একেৰাহে তিনিবছৰতকৈও অধিককাল ধৰ্ষণ হোৱা এগৰাকী নাৰীৰ জীয়া কাহিনী )
----------------------------------
দুভৰিৰ মাজেৰে অহাৰ সময়ত
ৰণাংগনত পৰাজিত হৈছিল আইৰ সমস্ত ভাগৰ
পিতাই গুজি দিছিল হেঁপাহ
শান্তিৰ , আস্থাৰ, নৈতিকতাৰ
ক্ৰমশঃ
ক্ৰিছেনথিমামৰ দৰে বাঢ়ি গৈছিলো মই
অথচ বুজা নাছিলো ইয়াত কেজিৰ হিচাপত জোখা হয় ভোক
দেখা নাছিলো পিয়পি ফুৰা উদং চকু
এতিয়া মোৰ চৌপাশে ধোঁৱা আৰু ধোঁৱা
টেটু চেপা এন্ধাৰত
টিপচাকি জ্বলাই খেদি পঠিয়াও
দুৱাৰত হেঁচা পৰা চেপা চেপা মাত
পাৰামানে চিঞৰো , কান্দো
অতীতৰ পৰা তুলি চাওঁ
ফুটুকীয়া ফ্ৰকত নষ্ট বীৰ্য্যৰ বগা দাগ ।
মই বেশ্যা নাছিলো কোনোকালে
পিতাইৰ আধৰুৱা সপোন এতিয়াও মুৰ পাতি লওঁ
আউসীৰ ৰাতি মৰিশালিত ৰুও সম্ভাৱনাৰ বীজ
কি লিখিম
মকৰাজালৰ ফাকঁৰে এতিয়াও দেখো
এৰি অহা অতীত
মোৰ বয়স তেতিয়া বাৰ কি দহ
চিনাকি দুহাতেৰে মোহাৰি দিয়া হৈছিল বুকুৰ ফুল
জৰায়ুত গুজি দিয়া হৈছিল পাপ
মই আশ্চৰ্যত বোবা হৈছিলো , ভয়ত কঁপিছিলো
কঁপা কঁপা হাতৰে লৈছিলো দুটা লুজেন
তাৰ পিছৰ পৰা আকৌ হেজাৰবাৰ ধৰ্ষণ
পুলিচ ষ্টেচনত, কোৰ্ট-কাছাৰীত
বাতৰি কাকতে, কলমে কলমে
মানুহৰ মুখে মুখে
আসঃ কি ক'ম
যদি সঁচাকৈয়ে আছে ইশ্বৰ
প্ৰাৰ্থনা কৰিম হৃদয়ৰ সমস্ত আকূতিৰে
মানুহ নহয়
অহাজনমত পশু হৈ ওপজাৰ মন ।
✍�পাৰ্থ
বিঃদ্ৰঃ আমাৰ সমাজত পৰ্ণষ্টাৰক আগস্থান দিয়া হয় , অথচ ধৰ্ষিতাক কৰা হয় অৱহেলা , চৰম ব্যাভিচাৰ । চিন্তনীয়....
LikeShow More Reactions
Comment

No comments:

Post a Comment