নিয়ৰ সৰা এটি সন্ধিয়া
মই ৰৈ আছো মোৰ পদুলিত
মোৰ বুকুত এজাক বৰষুণ
অনুভৱৰ এখনি বাগিচা
গভীৰ এই নিশাটোত
মোৰ কাষত ৰই নিৰ্জনতা
সময়ে বাগৰ সলাই
খাদ্যৰ সন্ধানত ডেউকা কোবাই
উৰি যোৱা চৰাইতোৰ শব্দত
মই উচপ খাই উঠো
অনুভৱ কৰো জীৱন মানেই যুদ্ধ
সবল কৰো নিজক
চকু মেলি সপোন দেখো
মনত আশাৰ কাৰেঙ সাজো
এদিন হয়তো সময় আহিব
মোৰ পদুলিত ৰৈ মোৰ সতে হাঁহিব
মোৰ বাগিচাত সুখৰ এটি ফুল ফুলিব.॥
মই ৰৈ আছো মোৰ পদুলিত
মোৰ বুকুত এজাক বৰষুণ
অনুভৱৰ এখনি বাগিচা
গভীৰ এই নিশাটোত
মোৰ কাষত ৰই নিৰ্জনতা
সময়ে বাগৰ সলাই
খাদ্যৰ সন্ধানত ডেউকা কোবাই
উৰি যোৱা চৰাইতোৰ শব্দত
মই উচপ খাই উঠো
অনুভৱ কৰো জীৱন মানেই যুদ্ধ
সবল কৰো নিজক
চকু মেলি সপোন দেখো
মনত আশাৰ কাৰেঙ সাজো
এদিন হয়তো সময় আহিব
মোৰ পদুলিত ৰৈ মোৰ সতে হাঁহিব
মোৰ বাগিচাত সুখৰ এটি ফুল ফুলিব.॥

No comments:
Post a Comment