গাঁঠি
  ---------------------
  (১)
  সৰুতে পিতায়ে শিকাইছিল
  গঁঠি মাৰিবলৈ
  আধি মাটিৰ সোনগুটি চপাই
  ডাঙৰিত পিতায়ে মাৰিছিল গাঁঠি
  কোমল বাঁহৰ তমালে এদিন মোৰ হাত কাটিছিল
  কন্দা নাছিলো
  গামোছা ফালি মাৰিছিলো এটা গাঁঠি
  মুৰত গাঁঠিটো মাৰি
  পিতাই ওভটিছিল
  কান্ধত সোনালী সপোনৰ ডাঙৰি লৈ
  (২)
  আইৰ আচলৰ গাঁঠিত এটা চাৰিঅনা
  এইবাৰ আধি মাটিও আধা হ’ল
  পিতায়ে কিন্তু গাঁঠি মাৰিয়ে গ’ল
  চাৰিঅনাৰ লুজন চুপি 
  সীহ বুটলি বুটলি গাঁঠি মাৰিলো
  মোৰ ডাঙৰি নহ’ল
  পিতায়ে ক’লে, “সেইফালে নাযাবি
  সেয়া নহয় আমাৰ মাটি
  নামাৰিবি গাঁঠি”
  (৩)
  এবাৰ শূন্য হ’ল আইৰ আচলৰ গাঁঠি
  নীৰৱ চকুপানী,
  ঢিলা হ’ল পিতাইৰ মুৰৰ গাঁঠি
  পাগলাদিয়াৰ পানীত গামোচাখন তিয়াই
  পিতায়ে মাৰিলে গাঁঠি
  লঘোনীয়া পেটত
  ডাঙৰি নাই,চুপিবলৈ লুজনো নাই
  আৰু এদিন পিতায়ো নাই!
  (৪)
  বহুদিন আচলৰ গাঁঠিত সাচি ৰখা
  আঠঅনা এটা মোৰ ল’ৰাটোক দি
  এদিন আয়ো গ’ললৈ !
  কান্দিব নোৱাৰিলো
  কোমল বাঁহৰ তমালেৰে সাঙিত গাঁঠি মাৰিলো
  (৫)
  সৰুতে পিতায়েই শিকাইছিল
  গাঁঠি মাৰিবলৈ
  মুৰত 
  সোণগুটিৰ ডাঙৰিত
  লঘোনীয়া পেটত
  মই পিছে মোৰ ল'ৰাটোক এটাহে শিকালো
  কিদৰে মাৰে, লঘোনীয়া পেটত 
  তিতা গামোচাৰ গাঁঠি!
  তাক কব নোৱাৰিলো,
  কিয়ো নো মাৰিলো মই
  শুকান ডিঙিত 
  এডাল টান ৰচিৰ গাঁঠি !!
   
 
 
No comments:
Post a Comment