Monday, 14 November 2016

PART FOUR-Dhan Kalita



( যোৱা সংখ্যাৰ পিছত ------ )
এৰা ! তাইৰ মনত পৰে দেউতাকৰ গদগদীয়া মাতটো কিদৰে ভাগি থান-বান হৈছিল । তাই চকু মেলিব পৰা নাছিল । চাব পৰা নাছিল দেউতাক সহিতে কোন কোন আছিল ওচৰত । অৰ্ধচেতন অৱস্থাত পৰি ৰৈছিল তাই । পুৱতি নিশাৰ এন্ধাৰ-পোহৰৰ মায়াজালত যেন তাই দুলি আছিল । কেৱল কাণেৰে শুনিছিল , কোনোবা দুৰ-সুদুৰৰ পৰা কঁপি কঁপি অহা দেউতাকৰ উচপিচ কণ্ঠ ।
শুনিছিল , দেউতাকে কোনোবাক কোৱা । হয়তো ওচৰত সেয়া সিহঁতৰ ভাড়াঘৰৰ মালিক !
“তাই , তাই মোৰ কথা কৈছিল নে ? কিবা কাজিয়া হৈছিল নেকি সিহঁতৰ ? আপুনি শুনিছিল নে ? কওঁক , সি মাৰিছিল নেকি তাইক ? কওঁকচোন ? আগে-পাছেও সিহঁতৰ কিবা কাজিয়া-পেচাল হৈ থাকিছিল নেকি ? তাই মোৰ ওচৰলৈকে গুচি নাহিল কিয় ? তাই , তাই ……….” ----- হুকহুকায় উঠিছিল দেউতাক । কোনোবা এজনে কোৱা শুনিছিল , ----- “আপুনি ধৈৰ্য্য ধৰক মাষ্টৰ বাবু । তাইৰ জাপ খাই থকা দুচকুৰ পতাৰ দুকোণেৰে দুধাৰি তপত লোতক অতি সন্তৰ্পনে অথচ বাধাহীনভাৱে নিগৰিছিল ।
: মৌ , মৌ । খোলচোন আই দুৱাৰখন ।
--------- পুনঃ দেউতাকৰ কণ্ঠই মৌচুমীক সজাগ কৰি তুলিলে । তাই বিছনাত থাকিয়েই চিঞঁৰি ক’লে , ----- “দে-উ-তা , তোমালোকে খাই লোৱাগৈ যোৱা । মই অকণমান পিছত খাম , হ’ব ?
: হ’ব ; পিছতেই খাবি বাৰু । দুৱাৰখন খোলচোন ।
তাই উঠি গৈ দুৱাৰখন খুলি দিলে । দেউতাক ভিতৰলৈ সোমাই আহিল । “ব’ল আই , খাই ল’বি । খাদ্যক খং নকৰিবি । আহ” -- বুলি কৈ দেউতাকে তাইৰ হাতত ধৰিলে । মৌচুমীয়ে লাহেকৈ দেউতাকৰ হাতৰ পৰা নিজৰ হাতখন এৰুৱাই আনি দুহাতেৰে দেউতাকৰ দুবাহুত ধৰি ক’লে, -- “তুমি যোৱা দেউতা । তোমালোকে খাই লোৱা । মই আধাঘন্টামান পিছত খাম । আৰু মা-ক ক’বা , বাচন-বৰ্তন মই ধুই পখালি থ’ম । হ’ব ?”
দেউতাকে ক’লে , --- বাৰু , তই খাই ল’বি তেন্তে । আৰু শুন , দুৱাৰখন খুলি ৰাখ । দিন দুপৰতে দুৱাৰ মাৰি সোমাই নাথাকিবিচোন ।
হ’ব হ’ব । তুমি যোৱা এতিয়া । -- এই বুলি কৈ মৌচুমী পুনৰ বিছনাত পৰিল ।
( ……….. আগলৈ ……….)
LikeShow More Reactions
Comment

No comments:

Post a Comment