ANOTHER  THING TO THINK  FROM KOUSHIK DAS FRIEND PLEASE HAVE LOOK
কতৃত্বৰ কৰ্ণাধাৰসকললৈ বুলি …………
          
হে কতৃত্বৰ কৰ্ণাধাৰসকল
আমাক আৰু কিমান এইদৰে
ওলমাই ৰাখিবা ??
কতৃত্বৰ কৰ্ণাধাৰসকললৈ বুলি …………
হে কতৃত্বৰ কৰ্ণাধাৰসকল
আমাক আৰু কিমান এইদৰে
ওলমাই ৰাখিবা ??
শতিকাৰ পিছত শতিকাজুৰি
তোমালোকৰ ঘৰত বন কৰা
সেই অসহায় কিশোৰীবোৰৰ দৰেই
গোটেইখন নি:শেষ কৰি পেলালা ।
নৃশংসতা প্ৰকাশৰ সময়ত
এবাৰো মনত নপৰিল
পেটত গামোচা বান্ধি
তোমালোকক গঢ় দিয়া
নিপীড়িত গাওঁবোৰ !
তোমালোকৰ শীৰ্ষাৰোহনৰ গৰ্বত
উচুপি উঠা গাওঁবাসীৰ
দুয়োপাৰ উটি গ'ল
স্বপ্নদ্ৰষ্টাৰ সংহাৰী ৰূপত ।
অপেক্ষা কৰা ,
তোমালোকৰ পিনে
সময়ৰ হাতোৰাখন আগুৱাই গৈ আছে
আমি সকলোৱেই এদিন
কতৃত্বৰ সমঅংশীদাৰ হ'ম ।
 
No comments:
Post a Comment