Tuesday, 27 December 2016

অপেক্ষা-S Panku Priyam Barhoi

শীতৰ এজাক বৰষুণ
দেহাত এক শিহৰণ তুলি
আলফুলে আঁকি দিলে এটি চুমা
উদং পথাৰখনে আকৌ
সেউজীয়া হোৱাৰ হেপাঁহত
জুৰিটোৰ দৰে চঞ্চল হৈ পৰিল
চোতালৰ দুৱৰি জোপা
এতিয়াও নিয়ৰৰ অপেক্ষাত
এইয়া যে ভালপোৱা হৃদয়ৰ
মোকো জোকাই গ'ল
উদাস মনটো এটি হাঁহিৰে
সন্ধিয়া ঘৰমুৱা পখী জাকৰ দৰে

আবেগ,অনুভূতি এইয়াই হয়তো-Juli Saikia



কওঁ বুলিয়েই
কব নোৱাৰি দেখোন
হৃদয়ৰ কথাবোৰ
বিষাদৰ ভাষাবোৰ
লৈ ফুৰা বেদনাবোৰ ।
### আবেগ ###
বুজাম বুলিয়েই
বুজাব নোৱাৰি দেখোন
অন্তৰৰ অনুভূতিবোৰ
সেউজীয়া অনুভৱবোৰ
মৰম অভিমানবোৰ ।
### অনুভূতি ###
ধৰি ৰাখিম বুলিয়েই
ধৰিব নোৱাৰি দেখোন
পাৰ হৈ যোৱা সময়বোৰ
কৈ যোৱা কথাবোৰ
বৈ যোৱা বতাহবোৰ ।
#### এইয়াই হয়তো ####
আবেগ - অনুভূতিৰ
মুক্ত প্ৰকাশ ।
সময়ে কৰে
তাৰ হিচাপ ।।
#### সেই বতাহজাকে ####
মোকো চুই গ'ল
নকওঁ বুলিও
সকলো কৈ গ'ল ।।
_________________✍ জুলী শইকীয়া ।
২৬/১২/২০১৬
****************
LikeShow More Reactions
Comment

যাত্ৰা-Banajit Sharma

যোৱাটো নিশা এবুকু বিষাদ নামিল,
আমৰলি পৰুৱাই বাহ লোৱা,
লঠঙা গছ ডালত;
তামৰঙী দূখ এটাই খুটিয়ালে,
তাৰ শিপা...
অভিন্ন হৃদয় কপৌ চৰাই এটা,
বিধূৰ হ'ল...
এজাক ধুমুহাই বাৰুকৈয়ে দহিলে;
আজন্ম সুহৃদ আতৰি যোৱাৰ পৰত,
পূৱপ্ৰান্তত ৰঙা হৈ বেলিটো ওলোৱা নাছিল;
সেয়ে তাৰ,
আজি এক অন্য যাত্ৰা,
হালধীয়াৰ পৰা বগালৈ...
LikeShow More Reactions
Comment

Sunday, 25 December 2016

অমিত প্ৰেম-Manash Kamal Choudhury

"Poem and Painting of my son Manas for Christmass day
অমিত প্ৰেম

(১)
নিশাৰ এটি তৰা
দেখিলো অকস্মাৎ
জুৰিতিৰ পাৰত আজি
সি আৰু তাই
কোনেনো তোড়ী বায়?
তোড়ীৰ ৰাগী আজি
মোহনীয়া উজ্জল জোনত
এজোপা গোলাপ ৰুলে
তাৰ বুকুত।
এয়া অমিত প্ৰেমৰ পূৰ্ণিমা।
(২)
নিমাত, নিজম নিশা
টোপাল কৰি সৰে
নিয়ৰ
টোপ-টোপ
পাতে পাতে
নিয়ৰবোৰ উলমি থাকে
এক মায়াময় ৰাতি।

...মানস কমল...
২৫/১২/১৬"

অমিত প্ৰেম

(১)
নিশাৰ এটি তৰা
দেখিলো অকস্মাৎ
জুৰিতিৰ পাৰত আজি
সি আৰু তাই
কোনেনো তোড়ী বায়?
তোড়ীৰ ৰাগী আজি
মোহনীয়া উজ্জল জোনত
এজোপা গোলাপ ৰুলে
তাৰ বুকুত।
এয়া অমিত প্ৰেমৰ পূৰ্ণিমা।
(২)
নিমাত, নিজম নিশা
টোপাল কৰি সৰে
নিয়ৰ
টোপ-টোপ
পাতে পাতে
নিয়ৰবোৰ উলমি থাকে
এক মায়াময় ৰাতি।

...মানস কমল...
২৫/১২/১৬

untitled-Bhaskar deka

নিশ্চুপ হৈ থাকিম আজি
নকও একো।
শুনিয়েই চাওচোন এবাৰ
শব্দহীনতাত হৃদয়ৰ কোলাহল 
কিজানিবা নিজক বিচাৰি পাও।

ভাস্কৰ-Bhaskar deka

ভাস্কৰ
............ 
এনেদৰেই মই হেৰাই যাও
কাইলৈ অহাৰ প্ৰতিশ্ৰুতিত।
মোৰ বাবেই তোমাৰ পৃথিৱীত 
দিনৰ পোহৰ নিশাৰ এন্ধাৰৰ পৰিসীমা ।
মোৰ বুকুতো জ্বলি থাকে জুঁই একুৰা 
অৰ্নিবান হুতাশন।

দুঃস্বপ্ন--Dhanbor Bhuyan

দুঃস্বপ্ন
------
> (ধনবৰ ভূঞা)
সেইদিনাবোলে ইয়াত এখন নদী নাছিল
যিদিনা আইয়ে শিৰত সেন্দুৰ লৈছিল,
...
আইয়ে শিৰত সেন্দুৰ লোৱা দিনা
আইৰ কোৱাৰিত তামোলৰ পিক নাছিল
নতুন ৰিহাখনত চিটিকনি পৰাৰ ভয়ত
সেপকে ঢুকিছিল,
শুভকামনাত চোতালখনো অতিষ্ঠ হৈছিল,
আইয়ে অভিমান কৰিছিল
জোনটো সেইদিনা ইমান দেৰিকৈ ওলাইছিল..
...
চিনাকি সুৰাৰ গোন্ধটো
আইৰ নাকত লাগিছিল
আইয়ে বুকুৰ বিষটো
মোলৈ ঠেলি দিছিল,
সেইদিনা হোমৰ তাপত
মোৰ বৰ গৰম উঠিছিল,
পিতাইয়ে কেৰাহিকৈয়ো
আইলৈ চোৱা নাছিল,
আইয়ে খঙতে
চুলি কেইডাল ওপৰলৈ তুলি লোৱা নাছিল,
আইয়ে যেতিয়া কান্দিছিল
সুৰাৰ গোন্ধটো মোৰো ঘিণ লাগিছিল..
….
মই ওপজাৰ দিনা
সকলোবোৰ ঢকঢকীয়া বগা হৈ আছিল
আইৰ ৰিহাখন..নদীখন..ঘৰখন..সকলোবোৰ..
মাথো সুৰাৰ গোন্ধটো নাছিল,
আইক সোধাত আইয়ে
আকাশৰ তৰাটো দেখুৱাই কৈছিল
“তৰাৰ দেশত বোলে সুৰা নাপাই
আৰু আমাৰ দেশৰ সুৰাপিক্তবোৰ
তৰাৰ খুব প্রিয়,
সেয়ে সোনকালে তৰাৰ দেশলৈ
মাতি পঠিয়াই"
খৰালিৰ এদিন
পথাৰখনৰ সিপাৰে আইৰ চকুপানী পৰিল,
সেই নিশা তৰাৰ উজ্জ্বলতা
জোনটোতকৈও বেছি আছিল..
...
সেইদিনাবোলে ইয়াত নদীখন নাছিল
যিদিনা আইয়ে শিৰত সেন্দুৰ লৈছিল...
LikeShow More Reactions
Comment