Monday, 12 December 2016

বুকুত গোপনে হেৰায় আৰু এটা হেমন্ত..-Dhanbor Bhuyan

বুকুত গোপনে হেৰায়
আৰু এটা হেমন্ত..
. . . .
তুমি যিমানেই সুখী হ'বা
সিমানেই অনুভৱ কৰিবা
বুকুত এটা অচিন বিষ..
তোমাৰ প্রতিটো দুখৰ তালত
মই উদযাপন কৰিম
মোৰ এটা এটা হেৰুওৱা বসন্ত।।
LikeShow More Reactions
Comment

স্বপ্নভংগ-সুৱাগ মণি

#স্বপ্নভংগ#
সুৱাগ মণি
পানীৰ গৰ্ভত
মৌনতাৰ অলেখ ভাষা
তাইৰ হৰিণী চকুত
স্বপ্নৰ অযুত কথা
শুই থকা নদীখনক
পুৰণি বতাহজাকে জোকায়
তাই সাৰ পায়
নিজকে খেপিয়াই
ফুলৰ পাহিৰে সৰে
গলি গৈ থকা ৰাতিটোৰ অশ্ৰু
তাই নাজানে কিয় সৰে
গছৰ মৌন পাত
কিয় ভাঙে
নস্বপ্নৰ দুহাত ।
LikeShow More Reactions
Comment

অনুভৱৰ দুটা স্তৱক-Ranju Moni Mahanta




॥ অনুভৱৰ দুটা স্তৱক ॥
✍॥ ৰঞ্জুমণি মহন্ত ॥
(১)
নিজক বিচাৰি
খেপিয়াই চাওঁ
বাৰে বাৰে দেখো
তোমাকে পাওঁ ।
(২)
শূন্যতাৰ নিৰ্জনতাত
তোমাৰ বিমূৰ্ত বিচৰণ
মোৰ মগ্ন চেতনাত
অনুভৱৰ অযুত অনুৰণন ।
LikeShow More Reactions
Comment

Sunday, 11 December 2016

UNTITLED - Kushal Mirza

কোনে কয় মই মদাহী আৰে ভাই মদ খালেই নহ'ব কোনটো খালি বটলত কি কি frequency থাকে জানিব লাগিব ৷ কোনটো ব্ৰেণ্ডত ত কিমান নিচা মই নাজানো কিন্তু ...... কোনটো খালি বটল ফুৱালে কি কি NOTE বাজে মই ক'ব পাৰো ৷ এতিয়া আপুনি ক'ব নেকি মই মদাহী......

Saturday, 10 December 2016

ভালপোৱা-Dhanbor Bhuyan


 .
ভালপোৱা
=====
বুকুৱে বুকুৱে বৈ যায়
প্রেমৰ অনামী নৈ..
. . . .
সূদূৰৰ মন্দিৰত ঘন্টা বাজে,
সুৰুযক বিদায় দি
আমাৰ ভালপোৱাই
বুকুত বুকু থৈ কথা পাতে
নাহৰ কিজোপাৰ মাজে মাজে...
LikeShow More Reactions
Comment

নিয়ম-Juli Saikia



।। নিয়ম ।।
বহুজনে কয় ----
নিয়ম ভঙাটোও হেনো
এটি নতুন নিয়ম
সমাজৰ ।
মই কওঁ -----
নিয়মৰ মাজেদি চলাটোহে
প্ৰকৃত নিয়ম
কষ্ট হ'লেও--
জীৱনৰ ।
----------------------✍ জুলী শইকীয়া ।
LikeShow More Reactions
Comment

অভিনয়-Dipjyoti Dutta


অভিনয়
-------------
নাটক এখন কৰিব লৈছিলো
আখৰা কৰা নহল
নাটকো নহল
মাথো চিনাকি হল
দুখন মুখৰ।
✏ দ্বীপজ্যোতি দত্ত
LikeShow More Reactions
Comment