Thursday, 22 December 2016

পাগলী (৬)-Dhan Kalita

পাগলী (৬)
পাগলী , অনুভৱ জাগিব নিদি শব্দসম্ভাৰ গুপুতে ৰাখিলি
পলে পলে মাথো মৌনতাহে সিঁচিলি
পাগলী , চিকমিক বিজুলি অস্বীকাৰ কৰিলি
অস্থিৰ ৰেঙনি বুলি অন্ধকাৰতে ৰাখিলি
কি কৰিলি পাগলী , কি কৰিলি
সময়ৰ ধাৰাভাষ্য গুৰুত্ব নিদিলি
মানুহ বিছাৰিলি, অৱয়ব পালি
মৰম বিছাৰিলি , যান্ত্ৰিকতা পালি
জীৱন বিছাৰিলি , মৃত্যুমুখৰ যাতনা পালি
শূণ্যতাকো পৰিগ্ৰহ নকৰিলি
অংকতো আউল লগালি
কি কৰিলি পাগলী , কি কৰিলি
ক চোন ক এবাৰ , কি কৰিলি
LikeShow More Reactions
Comment

পাগলী (৫)-পাগলী (৫)

পাগলী (৫)

পাগলী (৫)
পাগলী , লোকৰ আৱৰ্জনাও বুকুতে ভৰালি
লেটেৰা দুৰ্গন্ধতো নাক নোকোছালি
পাগলী , মালীৰ আলপৈচানতো বাগিচাত নুফুলিলি
গৈ গৈ দেখোন বনতহে ফুলিলি
পাগলী , সপোনত ভ্ৰমিলি , আকাশত উৰিলি
খোজ দিব গৈহে দেখোন মাটিতে বাগৰিলি
ক’তনো থাকিলি পাগলী , ক’তনো থাকিলি
………………………………………………………………...
পাগলী অ’ , কচোন এবাৰ ক’ত থাকিলি

ভালপোৱা-Naba Kalita

----। ভালপোৱা ।----
-------**********------
থিতাতে প্ৰাণ পায়
থিতাতে যাহ যায়
সম্বন্ধবোৰে মাথো হামকুৰি খাই ।।
--
অজানিতে গঢ় লয় এটি সম্বন্ধ
কিন্ত
গম নোপোৱাকৈয়ে দেখো
হয় কাৰাৰুদ্ধ ।।
-
কি জংকি পানৈ
কি নল-দময়ন্তি
অঘৰী আত্মাবোৰে
বিচাৰি ফুৰে
মাথো শান্তি ।।
LikeShow More Reactions
Comment

চকুলো-Rashmi Rekha Barman


"চকুলো"
চিকমিকনিত হেৰুৱাও অলেখ ঠিকনা,
এন্ধাৰত লুকায় হেজাৰ কাহিনী...
হৃদয়ৰ প্ৰতিটো কোণ কম্পিত হৈ উঠে;
উশাহবোৰ হৈ পৰে ঘন
নিশ্বাসত হুমনিয়াহ হৈ ওলাই আহে বুকুৰ উষ্ণতা,
হেৰুওৱা ঠিকনাত কিমাননো পঠিয়াম চিঠি !
মাথোঁ এটি চিকমিকনিয়ে
বুকুৰ গধূৰতা কঢ়িয়াই বোৱাই নিয়ে অলেখ ঠিকনা
বুকুত জাপি হেজাৰ কাহিনী
উশাহত কম্পিত হৈ উঠে নিশ্বাসৰ অনুক্ম্পা ;
বোৱাই নিয়ে বিশ্বাসৰ মৰম-ভালপোৱা,
বাস্তৱায়িত কৰে দিন ৰাতিৰ পৰিক্ৰমা।
মাথোঁ এটি চিকমিকনিয়ে
হেজাৰ প্ৰতিশ্ৰুতি,
হেজাৰ আশা
বোৱাই লৈ যায় নীৰৱে
আন্ধাৰৰ মাজলৈ
নজনাকৈয়ে...
LikeShow More Reactions
Comment

প্ৰেমত পৰি যাম তোমাৰ-Dipjyoti Dutta

প্ৰেমত পৰি যাম তোমাৰ
-------------------------------------
সূৰুযে পৃথিৱীলৈ চোৱাৰ দৰে
তুমিও চোৱা মোলৈ।
বতাহে যিদৰে শূন্যতাৰ খবৰ ৰাখে
তুমি খবৰ ৰাখা মোৰ।
প্ৰেমত পৰি যাম তোমাৰ।
তুমি যেনিবা বাউলী ৰাধা হ'লাই
মইতো হব নোৱাৰো কলিয়া কানাই।
ভালপাও বুলি কব নোৱাৰো
তথাপিও তোমাৰ বৰ্তমানত
প্ৰেমত পৰি যাম তোমাৰ।
নদী হবলৈ মন নাই মোৰ
সাগৰৰ প্ৰেমত বাউল হবলৈ।
মই যেন এটা কুৱা
ৰচীৰ এটা মূৰত বান্ধি দিয়া
বাল্টিটোৰ সতে খেলোঁ
মৰমৰ খেলা।
✏দ্বীপজ্যোতি দত্ত
LikeShow More Reactions
Comment

বিলাসী ক্ষুধা আখ্যান-Koushik Das

--------------বিলাসী ক্ষুধা আখ্যান ---------------
আপুনি এগৰাকী সম্পুৰ্ণ বিলাসী ভদ্ৰলোক বা মহিলা
বিলাসী কুকুৰ বুকুত সাৱতি
চুৱাপাতনিত ভৰি থকা বাটৰ লেৰেলা কুকুৰবোৰলৈ
শিলগুটি দলিয়াইও আপুনি
বিৰাট বিজয়ানন্দ অনুভৱ কৰিব খোজে ।
আপোনাৰ বিলাসিতাত
বলীয়া হ'ল
আপোনাৰ গাঁও ,
ক্ষুধাত মৰণকাতৰ
আপোনাৰ আপোন মুখবোৰৰ সৈতে
সঁচা হৃদয়েৰে কেতিয়াও
সমভাগী নহয় আপুনি ,
অথচ কান্ধত হাত থৈ
একলগে বহি হাঁহি
সজ্ঞানে উদযাপন কৰে দৰিদ্ৰতা,
আপোনাৰ বিনোদনৰ খোজত
যতি নপৰাৰ লক্ষ্যৰে
বিষদাঁতেৰে সকলো গ্ৰাস কৰি যায়
দৰিদ্ৰতাক সযতনে জীয়াই ৰখাৰ স্বাৰ্থত ।
আপোনাৰ নিত্যনতুন গাড়ীবোৰৰ পিছে পিছে
দৌৰি ফুৰা শিশুবোৰ বাঢ়ি গৈ
এতিয়া জীৱন জুৱাত জুৰুলা হ'ল ।
২৪ × ৭………………
সিহঁতৰ বন্যোন্মাদ যাত্ৰাত
মৃত্যুৰ সমস্ত আঁখৰাই হৈ পৰিল সাঁৰথি ।
বলীয়া কুকুৰ আৰু আপোনাৰ মাজৰ ব্যৱধানত
অধিক সংক্ৰামকৰূপে পৰিগনিত হ'ল আপুনি !!
জানেনে ?
বলীয়া কুকুৰে দাঁত বহুৱালে
নিয়মীয়া চিকিৎসাৰে উপশম হয়
যদিও
আপোনাৰ ৰসনানিৰ্গত
সামান্য কিবা এটা
গচকিলেও পৃথিৱীৰ কোনো বিধানেই
সুস্থ কৰি তুলিব নোৱাৰে ।।
আপোনাৰ বিষদাঁত উঘালিবলৈ
সষ্টম হৈ উঠা প্ৰকৃতিৰ ৰোষত
এদিন আমিও বিনাদোষেই গতি কৰিম
আপোনাৰ সৈতে একেটা ঘাটলৈ …………… ।
LikeShow More Reactions
Comment

সহধৰ্মিনী-Banajit Sharma

 
সহধৰ্মিনী মোৰ কাম্য;
ওখ,বগা,লাহী দেহেৰে
মোৰ বুকুত মুৰ থৈ,
পতিয়ন নিয়াব পাৰিব লাগিব মোক...
ডালিমগুটিয়া হাঁহিটিৰে,
জোনাঁক সিচিব লাগিব,
মোৰ তমসাত...
মোৰ হাত ধৰি খোজ দিব লাগিব,
সময়ৰ দলিছাত..
তাইৰ দুচকুৰ নীলাই,
আকাশ চুব পাৰিব লাগিব;
আৰু থাকিব লাগিব আহাৰৰ ঢল...
জেওৰা ভাঙি পাৰ হোৱা,
চপলতা অতিব প্ৰয়োজনীয়;
মুঠতে সচা অৰ্থত হব লাগিব,
মোৰ সহধৰ্মিনী...
LikeShow More Reactions
Comment