Saturday, 10 December 2016

শব্দ -Naba Kalita


----। শব্দ ।-----
-------------------------
কুশলে আছা নিশ্চয়
আৰু
কুশলে আছে তোমাৰ অৰ্ধাংগিনি ,
তুমিতো জানাই
তোমাৰ সৈতে মোৰ
বহুদিনৰ চিনাকি
এটা এৰাব নোৱাৰা সম্বন্ধ ,
প্ৰথম চিনাকি "মা" ৰ পৰা
বৰ্তমানলৈ ,
তুমি মোৰ দুখৰ ৰাতিৰ সমভাগী
আৰু
সুখৰ দিনৰ সহযাত্ৰী ,
কেতিয়াবা মাথো সহাৰি জনাই তোমাৰ অৰ্ধাংগিনিয়ে ,
হৃদয়ৰ একা বেকা বাটেৰে গৈ থকা
অনুভৱ বিলাকক লগ লগাই
সজাই নৱ -নৱ সম্বন্ধ ,
নাম দিয়ে
কবিতা - গল্প - গান আৰু যে কত কি ,
সেই সম্বন্ধ হয়
কেতিয়াবা দুখৰ
কেতিয়াবা সুখৰ --
সচাকৈয়ে
তোমাৰ সৈতে মোৰ
বহু দিনৰ চিনাকি
এটা
এৰাব নোৱাৰা সম্বন্ধ ।।
LikeShow More Reactions
Comment

আজি কেৱল মনৰ কথাকেই পাতিম...Banajit Sharma

 
আজি কেৱল মনৰ কথাকেই পাতিম...
আজি মনৰ কথাবোৰ পাতিম।
এনেই আছো...
আজি কবলৈ বৰকৈ মন গৈছে,
জীৱনৰ কথা...
সপোনবোৰৰ কথা...
সাতোৰঙী সপোন...
ভাললগা বোৰৰ কথা....
আজি মনৰ কথাবোৰ পাতিম,
আৰু...
এটা উজাগৰী নিশা পাৰ কৰিম,
সোৱৰণীৰ সতে...
দূখবোৰ সজতনে থৈ দিম
বুকুৰ এচুকত,
আৰু...
অতিতৰ লগত হেপাহৰ বীজ চটিয়াম...
নিৰ্ভেজাল প্ৰেমৰ সংগ্যা লিখিম,
আজি মনৰ কথাবোৰ পাতিম।
তুমিহীনতাত ভোগা বিষাদৰ কথা আজি নাপাতো,
সোঁৱৰণীৰ খটখটীয়েদি, তোমাৰ
বুকুৰ উত্তাপত জিৰণী লম।
আজি মনৰ কথাবোৰ পাতিম।।
নৈপৰীয়া বতাহৰ সেঁওতাত
গা ঘেলাই নুফুৰিবি...
বুকুৰ ভিতৰৰ অশ্ৰুকণা বোৰ,
ছাই হৈ উৰে...
আজি কেৱল মনৰ কথাকেই পাতিম...
LikeShow More Reactions
Comment

আইয়ে গুঠি দিয়া ঊলৰ চুৱেটাৰটো-Rup Rupam


আইয়ে গুঠি দিয়া ঊলৰ চুৱেটাৰটো
আজি মনত পৰিছে
আইয়ে গুঠি দিয়া
ঊলৰ চুৱেটাৰটো
পিন্ধি কি দৰে
শীতৰ সৈতে যুদ্ধত নামিছিলো
আইৰ মৰম চেনেহ
আৰু ঊলৰ উম
কেতিয়াও পাহৰিব নোৱাৰা
এটি সময়
ধান খেৰৰ সৈতে উমলি
সন্ধিয়া যেতিয়া আইয়ে
হাত ভৰি ধুৱাই দিয়ে
চিঞঁৰ বাখৰ
আইৰ ধমক
পাছত
মিঠা তেল সানি
পিন্ধাই দিয়া ঊলৰ চুৱেটাৰটো
আৰু শীতৰ সন্ধিয়া
কেতিয়াও পাহৰিব নোৱাৰা
এটি সময়
সেই আইয়ে গুঠি দিয়া
ঊলৰ চুৱেটাৰটো
আৰু এতিয়া
বিলাসী ব্ৰেণ্ডৰ এটা জেকেট
যেন আকাশ পাতাল
চুৱেটাৰটোত আইৰ মৰম আছিল
চেনেহ আছিল
আৰু জেকেটোত
মাথোঁ এটা নামি দামী ব্ৰেণ্ডৰ ষ্টিকাৰ ।
সু-প্ৰভাত
LikeShow More Reactions
Comment

এইয়া আঘোণ জীৱনৰ-S Panku Priyam Barhoi

শীতৰ সেমেকা বতাহজাকত
কুঁৱলী পৰশত জীপাল হবলৈ
মই উলাই আহো বাহিৰলৈ
আঘোণী জোনবাইৰ জোনাকে
মনে মনে বুকুত গুজি যায়
আশাৰ এটি বতৰা
বসন্তৰ ৰঙীন ৰঙবোৰত
বাৰিষাৰ বৰষুণজাকত
সপোনৰ টোপাল সৰে
কাতিৰ কঙালি অহাৰ আগতে
শৰতৰ শেৱালী পাহে
জোনাকত জিলিকি উঠে
পিতাইৰ ঘামৰ সোণালী ৰঙে
আমালৈ এতিয়া আশা আনে
দুচকুত নতুন সপোন ফুলে
এইয়া আঘোণ মৰমৰ
এইয়া সময় হেপাহৰ
এইয়া আঘোণ জীৱনৰ ।।
=================
LikeShow More Reactions
Comment

Thursday, 8 December 2016

কি কম? ---bhaskar deka

চুমুকত কলিজা হেৰায়
কোনে কয়
হৃদয় বিক্ৰি নহয়? 
এনেদৰেই সময়.... 
দুঃসময়।।।



ভালপোৱা-Dhanbor Bhuyan.

ভালপোৱা
=====
বুকুৱে বুকুৱে বৈ যায়
প্রেমৰ অনামী নৈ..
. . . .
সূদূৰৰ মন্দিৰত ঘন্টা বাজে,
সুৰুযক বিদায় দি
আমাৰ ভালপোৱাই
বুকুত বুকু থৈ কথা পাতে
নাহৰ কিজোপাৰ মাজে মাজে...
LikeShow More Reactions
Comment

আজি-Banajit Sharma

আজি কেৱল মনৰ কথাকেই পাতিম...
আজি মনৰ কথাবোৰ পাতিম।
এনেই আছো...
আজি কবলৈ বৰকৈ মন গৈছে,
জীৱনৰ কথা...
সপোনবোৰৰ কথা...
সাতোৰঙী সপোন...
ভাললগা বোৰৰ কথা....
আজি মনৰ কথাবোৰ পাতিম,
আৰু...
এটা উজাগৰী নিশা পাৰ কৰিম,
সোৱৰণীৰ সতে...
দূখবোৰ সজতনে থৈ দিম
বুকুৰ এচুকত,
আৰু...
অতিতৰ লগত হেপাহৰ বীজ চটিয়াম...
নিৰ্ভেজাল প্ৰেমৰ সংগ্যা লিখিম,
আজি মনৰ কথাবোৰ পাতিম।
তুমিহীনতাত ভোগা বিষাদৰ কথা আজি নাপাতো,
সোঁৱৰণীৰ খটখটীয়েদি, তোমাৰ
বুকুৰ উত্তাপত জিৰণী লম।
আজি মনৰ কথাবোৰ পাতিম।।
নৈপৰীয়া বতাহৰ সেঁওতাত
গা ঘেলাই নুফুৰিবি...
বুকুৰ ভিতৰৰ অশ্ৰুকণা বোৰ,
ছাই হৈ উৰে...
আজি কেৱল মনৰ কথাকেই পাতিম...
LikeShow More Reactions
Comment