Saturday, 26 November 2016

॥দুখৰ মালিতা ॥ - Ranju Moni Mahanta

॥দুখৰ মালিতা ॥ মোৰ বুকুৰ চাপৰিত দুখৰ কঁহুৱা । আহাঁ যদি আহিবা এদিন । অনুভৱৰ নৈয়েদি উজাই আহি সহৃদয়তাৰ ঘাটতে , নাওখন চপাবা। বেদনাৰ বালিচৰত , মুখ গুজি কান্দি মই কুৰুৱা চৰাই হৈ থাকিম, তুমি হুৰাই নিদিবা। মোৰ বুকুৰ চাপৰিত দুখৰ কঁহুৱা বৰকৈ ফুলিছে আহা যদি আহিবা এদিন । -------- ৰন্জুমণি মহন্ত 04.12.2015�

UNTITLED - Moukuhi Saikia

তেওঁ মোৰ ধুনীয়া কাপোৰ সাজৰ প্ৰেমত পৰিছে মখমলী কাপোৰ সাজৰ ধুনীয়া ৰংটোৱে তেওঁক বাৰুকৈয়ে মোহিত কৰে তেওঁ প্ৰায়ে মোলৈ ৰ' লাগি চায় আৰু সন্মোহিত ভাবেৰে কৈ উঠে, "কাপোৰ সাজেৰে তোমাক বৰ শুৱনি দেখাইছে সদায় এনেকৈয়ে ধুনীয়া হৈ থাকিবাচোন" মই সদায় তেওঁৰ বাবে নিজক সজাও সেউজীয়া ধুনীয়া কাপোৰ সাজেৰে কাপোৰ সাজৰ মসৃণতাই মোকো মোহিত কৰে অথচ মই জানো চিৰসেউজ মোৰ দেহত স্থায়ীত্ব বিহীন। কেতিয়াবা ভাৱো এদিন নিজক নগ্ন কৰি তেওঁৰ স'তে মুখামুখি হওঁ‌ যদিও প্ৰাসঙ্গিকতাত নগ্নতা মোৰ গ্ৰহণযোগ্য নহয় কিন্তু এইয়াটো চিৰন্তন সত্য--- যদি মোৰ নগ্নতাও তেওঁৰ বাবে হৈ পৰে সুন্দৰতাৰ প্ৰতীক আৰু তেওঁ কৈ উঠে, "আস্ এই অনিন্দ সৌন্দৰ্য্য ,ইমান সৌন্দৰ্য্যময়ী তুমি" মোৰ সেউজীয়া আবুৰতা খিনি বাৰে বাৰে তেওঁৰ বাবে অহমিকাৰ পৰিচায়ক হৈ উঠে আৰু মই, অভিমানৰ প্ৰাচীন আলোৱান এখন গায়ে-মূৰে উৰি তেওঁ নামৰ বৰষুণ এজাকত ওৰে ৰাতি তিতি থাকো হৃদয়খন সেউজীয়া হৈ উঠালৈ তেতিয়ালৈ হয়তো মই তেওঁক তাতেই পাওঁ‌ আৰু মই নিজে----মোক!!!!!.

Friday, 25 November 2016

কলম্বাছ--bhaskar deka

কলম্বাছ
............
এনেকৈয়েই হয় যাত্ৰাৰ আৰম্ভণি
খোজবোৰ ক্ৰমশঃ
এনেকৈয়েই হয় যাত্ৰাৰ সামৰণি
খোজবোৰৰ ক্ৰমশঃ ।
দুচকুৰ নতুন দিশৰ সন্ধানত
মই এতিয়াও কলম্বাছ ।।।
............... ভাস্কৰ

YET TO BE TITLED...Rajib Bora



হৃদয়খন হাতুৰিৰে কোবাই
এখন নাওঁ সাজিছো,
তোমাক সাত সাগৰ ফুৰাই আনিম।
হৃদয়খনৰ উখোৰা-মোখোৰাবোৰ
ৰাণ্ডা মাৰি মিহিকৈ সাজিছো
তোমাৰ বাবে কপাহি আসন,
ছাল-বাকলিৰে সাজিছো বঠা।
LikeShow More Reactions
Comment

A HEART TOUCHING PROSE BY-Minu Das

'শীতল কোলা 'ত উচ্চাসৰ বন্যা নামিছে। ৰত্নদা আহিব। ইমান দিনৰ মূৰত সপৰিয়ালে ৰত্নদা আহিব !!-----খবৰটো মোক সাদৰী বাইদেৱে phonot দিলে।
" তিলৰ পিঠা কেইখনমান পুৰি থৈছোঁ।সি বৰ ভাল পায় নহয়। " - - - - ফোনটোৰ সিটো মূৰৰ পৰা ভাঁহি আহা কথাষাৰ বাইদেউৰ হৃদয় ভৰি থকা পুত্ৰপ্ৰেমৰ আকুলতাঁই ঢৌৱাই লৈ আহিলে।
ৰত্নদা সাদৰী বাইদেউৰ একমাত্ৰ সন্তান । বৰ্তমান নতুন দিল্লীৰ স্থায়ী বাসিন্দা। এটা বহু জাতিক কোম্পানীৰ GM. সময়ৰ অভাৱত নে আন্তৰিকতাৰ অভাৱত নাজানো পৈতৃক ঘৰখনৰ প্ৰতি তেওঁৰ আকৰ্ষন একেবাৰে শূণ্য। তথাপিও আশাৰ খীন সোঁত এটা বাইদেউৰ হৃদয়ত অহৰহ প্ৰৱাহিত হয়।
"পৰীয়ে অসুবিধা পাব বুলি চুবুৰীৰ মালতীক মতাই ঘৰটোও সাৰি-পুছি থৈছোঁ। মনিৰামকো জালখন লৈ পুৱাই আহিবলৈ কৈ আহিছোঁ, ঘৰৰ পুখুৰীটোৰ মাছকেইটা মৰাব লাগিব। নাতি-নাতিনীহালে মাছ মাৰা দেখাই নাই নহয়।" - - - - ষাঠিৰোৰ্দ্ধৰ সাদৰীবাইদেউৰ আপত্য স্নেহ বিগলিত কথাকেইষাৰে মোক সকাহ দিলে। হওক তেও, দুদিনমানৰ কাৰণে হলেও বাইদেউৰ স্তব্ধ সময়ে গতি পাব। 'শীতল কোলাৰ' অপেক্ষাৰত বন্ধ কোঠাকেইটাৰ বতাহত মলঙি থকা আশাবোৰ পুনৰ সজীৱ হৈ পৰিব।বাইদেউৰ চলিহা পৰা চকুহালে জীৱন জীয়াই ৰখাৰ সমল বিচাৰি পাব।
***
পুৱা কলেজলৈ যোৱাৰ পথত ৰত্নদাক মাত লগাই যাও বুলি বাইদেউৰ ঘৰত সোমালোঁ। নঙলা মুখৰ পৰাই বাইদেউক বাৰান্দাত বহি থকা দেখা গ'ল। একেবাৰে কাষতে পকী মজিয়াত বহি থকা কুকুৰটোক কোলাত থকা পলিথিন এটাৰ পৰা তেওঁ কিবা ওলিয়াই খাবলৈ দিছে। মোৰ খোজৰ শব্দত এক্ষন্তেক ঘূৰি চাই বাইদেৱে আন্তৰিকতাৰে কলে "মুন আহিছ? আহ।"
মই বাৰান্দাৰ আনএটা দিশত থকা চকীখনত ত বহিবলৈ লৈ দুৱাৰমুখত ওলোমাই থোৱা পৰ্দাখনৰ সিটোপাৰৰ মানুহৰ উপস্থিতিৰ উমান ললো। বহুচেষ্টা কৰি একো ধৰিব নোৱাৰি বাইদেউক উদ্দেশ্য কৰি সুধিলোঁ - - 'ৰত্নদাহঁত - - - "
"এহ্ নাহিল, সময় নহ'ল হেনো- - - - - "মোৰ মুখৰ কথাখিনি শেষ নৌ হওঁতেই বাইদেৱে একপ্ৰকাৰ চিঞৰি কৈ উঠিল। ধীৰ মানুহজনীক অস্থিৰ দেখা গ' ল।
তাৰ পাছত কোলাত থকা পলিথিনৰ পেকেটটো কুকুৰটোৰ সন্মুখলৈ প্ৰচণ্ড বিৰক্তিৰে দলিয়াই দিলে। পিঠা কেইখনমান পেকেটটোৰ পৰা ওলাই দূৰলৈ চিটিকি গ'ল।
সাদৰী বাইদেউৰ আবেগবোৰ যেন পেকেটৰ পৰা ওলাই মজিয়াখনত সিঁচৰিত হৈ পৰি থাকিল।মই বাক ৰুদ্ধ হৈ পৰিলোঁ। চৌপাশ মৰিশালিৰ মৌনতাই আগুৰি ধৰিলেহি।
" তই বহ, চাহ আনোগৈ। বৰ পিয়াহ লাগিছে। "----ভাগৰুৱা খোজেৰে বাইদেউ ভিতৰলৈ সোমাই গ'ল।
পুত্ৰৰ স্নেহ তৃষ্ণাত আতুৰ এগৰাকী বৃদ্ধা। মোৰ বুকুখন বিষাই উঠিল। কুকুৰটোৱে অ'ত ত'ত পৰি থকা পিঠাবোৰ এফালৰ পৰা চোবাই গ'ল।**********
( মোৰ জন্মদাত্ৰী মাৰ হাতত দিলোঁ। "মা মই তোমাৰ লগত সদায়ে থাকিম । তোমাৰ আচলৰ উমখিনিৰ যে ভিক্ষাৰী মই।" )
LikeShow More Reactions
Comment

শূন্যতা ....-Juli Saikia


শূন্যতা ....
আনে কিছুপৰিমাণে হ'লেও আমাৰ শূণ্যতা পূৰাব পাৰে বুলি থকা ধাৰণাটো আচলতে ভুল । কোনেও কাৰো শূণ্য তাক পূৰাব নোৱাৰে । কোনো কাৰো বিকল্প হ'ব নোৱাৰে । সময়ত সকলো শূণ্য হৈ ৰয় ।
জীৱনত আমি যাক খুউব ভালপাওঁ , যাক পালে আমি সমগ্র প্ৰকৃতিৰ স্নিগ্ধতা অনুভৱ কৰিব পাৰিম বুলি ধাৰণা কৰো, তেওঁক পোৱাৰ পাছতো আমাৰ অভ্যন্তৰত "কিবা এটা ৰৈ যায় " --- এই "কিবা" টোক যদি কোনোবাই পূৰণ কৰিব পাৰে , তেতিয়াহে আমি কাৰোবাৰ সঁচা ভালপোৱা অৰ্জন কৰিছো বুলি ডাঠি ক'ব পাৰিম । কিন্তু মানুহ ইমানেই বিস্ময়কৰ প্ৰাণী যে এই " কিবা "টো কেতিয়াও পূৰণ হৈ নুঠে আৰু সেইবাবেই মানুহৰ অহোৰাত্ৰি সহচৰ হিচাপে কাষতে থাকি যায় অহৰ্নিশ শূন্যতা .......
শূন্যতা আৰু শূন্যতা ।।
LikeShow More Reactions
Comment

UNTITLED-Madhurjya Gogoi


ৰঙীন যেন লগা আবেলি..
বেলি এই পৰো এই পৰো...
নিশাটো বা কিমান দীঘলীয়া হয়...
জাৰৰ দিনৰ কথা...
যোৱাবেলিচোন ৰাতিয়েই নুপুৱালে...
আন্ধাৰতেই হেৰাল হৃদয়ৰ ঠিকনা...
বৰ হেঁপাহেৰে গঢ়িছো এইবাৰ
বিমূৰ্ত ৰঙা গোলাপৰ মালা...
তুমি আহিলে ভাল হয়...
লগে ভাগে নতুন সূৰ্যোদয়...
সেঁওতাফলিয়া বাটটোত সপোনে কথা কয়...
LikeShow More Reactions
Comment