Saturday, 5 November 2016

ৰিক্ত পৃথিৱী-Rashmi Rekha Barman

'ৰিক্ত পৃথিৱী' EMPTINESS REDESIGNED BY RASHMI REKHA BARMAN
ৰিক্ত পৃথিৱী
----------
মুঠি মাৰি ল'লো দুহাত,
পৃথিৱীখন দুহাতত পালো।
কুচি মুচি বুকুৰ মাজত,তুমি মই আৰু সপোন।
নিশাৰ জোনাকীৰে মেল,
শীতল বতাহত শেৱালিৰ সুবাস,
চৰাইৰ মাত ত প্ৰভাতীৰ আভাস,
চকু মেলি মুঠি খুলিলো দুহাত ৰিক্ত পালো।
LikeShow More Reactions
Comment

বুকুত শূণ্যতাৰ বোজা কঢ়িয়াইয়ো-Dhan Kalita



ANOTHER MAGICAL CHAIN OF WORDS BY DHAN KALITA
বুকুত শূণ্যতাৰ বোজা কঢ়িয়াইয়ো
তেওঁ হাতত লৈ ফুৰে
সুফলদায়ী কাৰ্য্যক্ষম কেলকুলেট’ৰ
অপ্ৰাপ্তিৰ বল্ক-ফল হাতৰ মুঠিতে লুকুৱাই
তেওঁ কৈ উঠে
আহা আমি আওৰাওঁ শিশু-ধাৰাপাত
“একৰ এক গ’লে থাকে শূণ্য"
LikeShow More Reactions
Comment

Friday, 4 November 2016

অপ্ৰাপ্তি-Abhinandan Nath

'অপ্ৰাপ্তি' - WORDS FROM THE DEEP CORE OF HEART BY ABHINANDAN NATH
#অপ্ৰাপ্তি
__________
প্ৰাপ্তি বুলি কওঁতে থমকি ৰওঁ ,
কওঁ বুলিও ক'ব নোৱাৰো কথাষাৰ ,
অথচ বাঙ্ময় কবিতা এটিৰ দৰেই সাঁচি থৈছোঁ।
কিন্তু ভাও জোৰোঁ..
অাৰিবলৈ যে পাতখিলা উকা নহয় !
মই যিদিনা বেৰৰ জলঙাইদি জুমি চাওঁ,
শীতৰ ছিম্ফণিত ৰাতিটোও শেষ হ'ব নোখোজে ।
কেতিয়াও ভাগৰি নপৰা বাঁহীৰ সুৰে সেইদিনা,
সপোনৰ বাটেৰে ভটিয়াই যাবলৈ অপৰাগ হয় ।
মই সেয়াই বিচাৰোঁ ,
তথাপিও দুখ অাৰু মই ....
মাজনিশাৰ ৰেলৰ দীঘল উকিবোৰ....
অাস! দোমোজাৰ কিযে চাৱনি ।
অাচলতে প্ৰাপ্তি বোলা কথাষাৰে,
কৰোঁ বুলিও শেষ কৰিব নোৱাৰে বহু কথা !
LikeShow More Reactions
Comment

গুণ গুণ গুণ গুণ-Rumi Nath


"গুণ গুণ গুণ গুণ IS MORE THAN A POEM ITS A SONG WAITING FOR ITS TUNE

গুণ গুণ গুণ গুণ
গুণ গুণ গুণ গুণ
কিনো সুৰ ভাহি আহে
কলিজাতে কৰি তেজৰ
সমাহাৰ
ধপ ধপ ধপ ধপ
কিনো বুকু কপি আহে
কলিজাতে সাজি প্ৰণয়
পাহাৰ
কি ৰঙে ৰঙাব
মেঘ কাগজত
আকিবলে তোমাৰ ছবি
সমীৰণৰ বুকুত শুই
পখিলাৰ পাখি চুই
কিয় থাকো মই
ভাবি
তুমি অতীত আপোন
মোৰ সাৰদী জোন
কলিজাৰে আহিছা নামি
তাৰেই পৰশত
কপি কপি
দুচকুৰে সৰে মোৰ
এটি এটিকৈ
বুকুৰ শেৱালি পাহি ।।
LikeShow More Reactions
Comment

বৃত্তৰ পৰিধি ভাঙি-Bhaskar Deka



TRYING TO WRITE
বৃত্তৰ পৰিধি ভাঙি
-------------------------
পঢা় মেজৰ খিৰিকীৰে দেখা
মাধুৰিজোপাৰ তলতে
সৌৱা মোৰ শৈশৱ
ডালত ওলমি থকা
পকা মাধুৰিটো চিঙিব নোৱাৰি
ঠেহত মুখ ওফন্দাই আছে।
গৰখীয়াৰ নিজান দুপৰীয়াত
চাই থাক চিঙি আনিম তোক
ঐ অভিমানী মাধুৰি,
ৰহ! মই অলপ ডাঙৰ হৈ লওঁ
লেটেকু পনিয়ল ৰৈ থাকিবি
মোৰ বাহুৰ শকতিলৈ
ফৰ্মুটীয়াই পাৰি খাম তহতঁৰ
মিঠা অহংকাৰ।
সময় বাগৰিল.....!
বাটচৰাৰ পৰা নঙলা মুখলৈ নোযোৱা
ভৰিৰ তলত সৰ্পিল পথৰ কুণ্ডলী ।
মাধুৰি লেটেকু পনিয়লজোপা তাতেই আছে
একেই আছে সিহতঁৰ ঠিকনা,
মই নাই
মোৰ ঠিকনা হেৰুৱালো
আচলতে এটা পথৰ পৰা
আৰু এটা পথৰ যাত্ৰাত বন্দী হ'লো
ওখতকৈও ওখ হ'লো
আকাশ চুবলৈ বাহু মেলিলো।
সময় বাগৰিল.....!
বিচনাৰ কাষতে থকা খিৰিকীৰে চালো
হেঙুলী সূৰুযত জিলিকিছে
এটা পকা মাধুৰিৰ হাহিঁ ।
বাহুৰ সমস্ত শকতিৰে ফৰ্মুটীয়ালো
মাধুৰিলৈ বুলি
মই ঠিকনা হেৰুওৱা নাই
ৰৈ থাক লেটেকু পনিয়ল
শৈশৱ মোৰ বুকুতে।।।
................................... ভাস্ক

UNTITLED-Rashmi Rekha Barman

 A NICE ONE BY RASHMI REKHA BARMAN
শব্দৰ অভাবতেই আৰম্ভ হয়
নিশব্দৰ খেলা,
শব্দৰ পৰিসম্পাতিৰে হেৰায় সম্পৰ্কৰ আঁত।
তুমি আতৰি গলা,
নীৰব হলো মই
অভিমানী হৈ পৰিল তুমিহীন সময়বোৰ
যদিওবা মোৰ চোতালত শব্দৰ অভাব
মাজনিশা মই মিতিৰালি কৰো তোমাৰ শব্দৰে
শব্দৰ মালিতা গাথা তুমি,
আৰু নিশব্দৰ বুকুত উচুপি উঠো মই।
Like
Comment

ডাইনী হত্যা বন্ধ হোৱাৰ কামনাৰে-Naba Kalita

HYPOCRATES BE AWARE
...। ডাইনী হত্যা বন্ধ হোৱাৰ কামনাৰে------।।
---
হেৰৌ
জীৱশ্ৰেষ্ঠ মানব !
এতিয়াও সময় আছে
বিচাৰি ল সঠিক বাট
এলান্ধু বৰণীয়াৰ আগমন ঘটিলে
সঠিক বাট বিচাৰি হাবাথুৰি খাবি
সাতামপূৰুষীয়া
এলান্ধু বৰণীয়া নীতিৰ ভেটিৰে
ধ্বংস নকৰ
সুস্থ সৱল সমাজৰ জ্যোতিৰ ভেটি
পৰিবৰ্ত্তিত সময়ৰ প্ৰগতিশীল চিন্তাৰে
গঢ়ি তোল জ্যেতিৰ ভেটি
অনুতাপৰ জুইত নিশেষ হোৱাৰ আগেয়ে
প্ৰতিটো মূহুৰ্তক সজাই ল
জ্যোতিৰ গভীৰতাৰে
আকৌ কৈছো
এলান্ধু বৰণীয়াই গ্ৰাস কৰাৰ আগতেই
বিচাৰি ল সঠিক বাট
LikeShow More Reactions
Comment