খিৰিকিৰে চাই থাকোতে
পাৰ হৈ গ'ল বহু সময়
পাৰ হৈ গ'ল বহু সময়
দিন, দিনৰ পিচত ৰাতি
আহিল আৰু গ'ল
ধুমুহা গাজনী বিজুলীৰ চিকিমিকি
ততকে নাপালো
পাৰ হৈ গ'ল বহু সময়
আহিল আৰু গ'ল
ধুমুহা গাজনী বিজুলীৰ চিকিমিকি
ততকে নাপালো
পাৰ হৈ গ'ল বহু সময়
অলপ পৰ আগলৈ
থুপ খাই থকা মানুহখিনি
সেয়াও দেখো এতিয়া নাই
থুপ খাই থকা মানুহখিনি
সেয়াও দেখো এতিয়া নাই
জানো, কোন কেনি গ'ল!
ওলাই আহি দেখিছো
হাড় আৰু মংহ পুৰি শেষ হোৱাত
এক মহা শুণ্যই
গোটে গোটে গিলিব খুজিছে গোটেইখন
হাড় আৰু মংহ পুৰি শেষ হোৱাত
এক মহা শুণ্যই
গোটে গোটে গিলিব খুজিছে গোটেইখন
কোনে জানো শুধিলে -
ইয়াত কোন থাকে ভাই
মই কলো -
ইয়াত আৰু এতিয়া মানুহ নাথাকে
ইয়াত কোন থাকে ভাই
মই কলো -
ইয়াত আৰু এতিয়া মানুহ নাথাকে
আছে কেৱল আকৌ জী উঠাৰ আশা...






